নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ অভিনেত্রী দিব্যা খোচলাই পৰিধান কৰিলে মেখেলা–চাদৰ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ  লেকমি ফেশ্বন উইকত অসমীয়া ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ মেখেলা–চাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে বলীউডৰ জনপ্রিয় অভিনেত্রী–পৰিচালিকা দিব্যা খোচলা কুমাৰে৷ মুম্বাইৰ জি’গার্ডেনত আজি অনুষ্ঠিত এফ ডি চি আই ১০ লেকমি ফেশ্বন উইকত ডিজাইনাৰ দত্তৰ ‘চিকিমিকি’ নামেৰে প্রস্তুত কৰা বিশেষ মেখেলা–চাদৰ পৰিধান কৰি অভিনেত্রীগৰাকীয়ে সকলোকে আকর্ষিত কৰে৷ ক’লা আৰু নীলা ৰঙত খোদিত এই মেখেলা–চাদৰে লেকমি ফেশ্বন উইকত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷

You might also like