নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট ক্লাছিক বেঞ্চ প্ৰেছ প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ৰাজেন্দ্ৰ প্ৰসাদ কানু সোঁৱৰণত যোৰহাট ক্লাছিক বেঞ্চ প্ৰেছ প্ৰতিযোগিতাখন যোৱা ১০ অক্টোবৰত সম্পন্ন হয়। প্ৰশান্ত বৰা, পৱিত্ৰ কলিতা, অমৰজিৎ লাহন, অশোক দত্ত, ছফিকুৰ ৰহমান, মুকুত দাস, সৌৰভ জ্যোতি ফুকন, দিলীপ বৰা, দিপাংকৰ খাৰঘৰীয়া, নিত্যানন্দ শইকীয়া, ৰঞ্জিত শইকীয়া, উত্তম কটকী, ৰবি শৰ্মা আদি বিচাৰকৰ তত্বাৱধানত খেলখন সম্পন্ন হয় বুলি যোৰহাট জিলা শৰীৰ চৰ্চা সন্থাৰ সাধাৰণ সম্পাদক সুশীল বৰদলৈয়ে জানিবলৈ দিছে।

প্ৰায় ১০০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ০- ৫৯ কেজি শাখাত প্ৰথম আৰচাদ হুছেইন, দ্বিতীয় চাকছাম দেৱনাথ, তৃতীয় ৱাচিম আখতাৰ, ৭৪ কেজি শাখাত প্ৰথম চান ফুকন, দ্বিতীয় বেদব্ৰত শইকীয়া, তৃতীয় সমীৰণ ভৌমিক। ৪৯ কেজি শাখাত প্ৰথম দিজু গগৈ, দ্বিতীয় যুটীয়া ভাৱে বনাদন বৰুৱা আৰু ৰাহুল চাহু, তৃতীয় ইন্দ্ৰজিৎ বৰা। ৪৯ কেজি ওপৰত প্ৰথম তপোব্ৰত গগৈ, দ্বিতীয় কৃষ্ণ শৰ্মা, তৃতীয় সিদ্ধাৰ্থ শইকীয়া।

Input: অজয় শইকীয়া, নগাবাট

You might also like