নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপানীৰ বাবে গোৱালপাৰাত ছন পৰিল হাজাৰ হাজাৰ বিঘা কৃষিভূমি; চিন্তিত কৃষক পৰিয়াল

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ কৃষি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনত প্ৰতিবছৰে হোৱা বানপানীৰ বাবে কৃষকৰ সপোনৰ কৃষি পথাৰত নদন বদন হৈ পৰা ধাননি পথাৰৰ ধান নষ্ট হোৱাৰ বাবে একাংশ কৃষকে শালিধানৰ খেতি কৰিবলৈ এৰি দিয়া পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ জনজাতি বিধান সভা সমষ্টিৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টিপলাই অঞ্চলৰ পূৱৰ দল আৰু পশ্চিমৰ দলৰ লগতে বৰপাথাৰ, দিঘলীবড়ী, গৰুছটকা, পদুপাৰা, শিমলীতোলা অঞ্চলৰ হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমিত যোৱা কেৱাবছৰৰ পৰা শালিধানৰ খেতি কৰাৰ পৰা বিৰত আছে।

বৃহত্তৰ অঞ্চলতোৰ একাংশ কৃষকে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে প্ৰতিবছৰে কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা শালিধানৰ পথাৰত সেউজী শ্যামলী হৈ পৰা ধান বানপানীয়ে নষ্ট কৰাত কৰাত কৃষক সকল খৰস্ৰান্ত হোৱাৰ লগতে মানসিক ভাৱেও ভাঙি পৰা পৰিলক্ষিত হৈছিল । সম্প্ৰতি একাংশ কৃষকে বান বিধ্বস্ত পথাৰ সমুহত বাৰিষা বানপানী অহাৰ আগতে ঘৰ চপাব পৰা ইৰি বড়ো ধানৰ উন্নত প্ৰজাতিৰ সংকৰণ ধানৰ খেতি কৰিবলৈ লৈছে যদিও পথাৰ সমুহত জলসিঞ্চনৰ ব্যৱস্থা নথকাত কৃষক সকলে অধিক টকা খৰচ কৰি চেল মেচিন বহুৱাই পানী যোগানৰ ব্যৱস্থা কৰিব লগিয়া হৈছে।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষিভূমিত দ্বিগুণ শষ্য উৎপাদনৰ লক্ষ্যৰে কৃষকসকল উপকৃত হ’ব পৰাকৈ বহু কেইখন জনকল্যাণমুখী আচঁনি ৰূপায়ন কৰিছে যদিও একাংশ মধ্যভোগী দালালৰ বাবে প্ৰকৃত কৃষক এই সুবিধা সমুহৰ পৰা বঞ্চিত হৈ থকে। একমাত্ৰ কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিয়া কৃষক সকলৰ দুখ দুৰ্দশাৰ খৱৰ ল’বলৈ আহৰি নাই কোনো এজন কৃষি বিষয়া অথবা জনপ্ৰতিনিধিৰ।

সম্প্ৰতি ৰাজ্যখনৰ লগতে জিলাখনৰ বিভিন্ন পথাৰত শালিধানৰ ধাননি পথাৰ সেউজী শ্যামলী হৈ পৰিছে যদিও জিলাখনৰ টিপলাই অঞ্চলৰ লগতে বান বিধ্বস্ত বহু অঞ্চলৰ হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি ছন পৰি থকাত কৃষকৰ চকুৰে চকু পানী নিগৰি অহা পৰিলক্ষিত হৈছে। একাংশ কৃষকে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে বান বিধ্বস্ত পথাৰ সমুহত খৰালিত কৃষি কৰ্ম কৰিব পৰাকৈ পথাৰসমুহত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যখনৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষিমন্ত্ৰী অতুল বৰা, জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল, কৃষি বিভাগ, জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ বাবে কৃষক পৰিয়ালে আহ্বান জনাইছে।

Input: জ্যোতিষ নাথ, টিপলাই

You might also like