নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা জয়ভূম কামাখ্যা বাড়ী পীঠত দুৰ্গতি নাশিনীৰ মহামেলা

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ গোৱালপাৰা জিলাৰ চুনাৰীস্থিত জয়ভূম কামাখ্যা বাড়ী পীঠ স্থানত ১২ অক্টোবৰ সপ্তমী তিথিৰ দিনৰে পৰা দুৰ্গতি নাশিনী, শক্তি দায়িনী মা দেবী দুৰ্গাৰ মহাযঞ্জ পূজা আৰু মহামেলাৰ কাৰ্য্যসূচীৰ শুভাৰাম্ভ হ’ব। এই উদ্দেশ্যে গোৱালপাৰা জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্ত্তমান দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষতাত গোৱালপাৰা জিলা উপায়ুক্ত মীনাক্ষি দাস নাথক উপদেষ্টাত অতুল চন্দ্ৰ নাথক কাৰ্য্যকৰী সভাপতি আৰু যোগেন্দ্ৰ নাৰায়ন নাথক সম্পাদক হিচাপে লৈ পূজা পৰিচালনা কৰিবৰ বাবে এখন অভ্যাৰ্থনা সমিতি গঠন টৰা হৈছে বুলি মূখ্য আহ্বায়ক তথা লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে জানিবলৈ দিছে।

উল্লেখ্য যে জয়ভূম কামাখ্যা বাড়ী পীঠৰ বিশিষ্ট পৃষ্ঠপোষক দৰংৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা মহা অষ্টমী মেলাত উপস্থিত থাকিব। গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে অধীক্ষকগৰাকীৰ পৃষ্ঠপোষকতাত অসম চৰকাৰৰ পৰা লাভ কৰা আৱন্টিত ধনেৰে জয়ভূম কামাখ্যা বাড়ীপীঠখন আধুনিকতাৰ ৰূপ পায়।

Input: লক্ষ্মণ কুমাৰ নাথ, আগিয়া

You might also like