স্বচ্ছ আৰু নিকা প্রশাসন
ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূর্বে প্রতিটো ৰাজনৈতিক দলে দুর্নীতিমুক্ত স্বচ্ছ আৰু নিকা প্রশাসনৰ প্রতিশ্রুতি দিয়ে৷ ৰাজপাটত বহাৰ পাছতো এনে আশ্বাসৰ বৰষুণ চলিয়েই থাকে৷ ৰাজনৈতিক নেতা তথা প্রশাসনীয় মুৰব্বীসকলৰ মুখত এনে বচন চলি থকাৰ মাজতে এলানি পদক্ষেপ গ্রহণ কৰাও দেখা যায়৷ কিন্তু স্বচ্ছ আৰু নিকা প্রশাসন ব্যৱস্থা প্রতিষ্ঠা কৰি সর্বসাধাৰণ ৰাইজক সকাহ দিয়াটো ইমান দিনে সম্ভৱ হৈ উঠা নাই৷ প্রশাসনীয় ব্যৱস্থাক যিমানেই স্বচ্ছ আৰু নিকা কৰাৰ চৰকাৰী ব্যৱস্থাৱলী গ্রহণ কৰা হৈছে, সিমানেই সমগ্র ব্যৱস্থাটোক কোঙা কৰি তুলিছে একাংশ প্রশাসনীয় বিষয়া–কর্মচাৰী তথা দালালে৷ চৰকাৰী প্রশাসন ব্যৱস্থাত বছৰ বছৰ ধৰি চলি থকা দুর্নীতি–নিয়ম এতিয়া নতুন কথা নহয়৷ গ্রামাঞ্চলৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ (বিপিএল) পৰিয়ালৰ মুৰব্বীজনেও ভালদৰে জানে যে ৰাজ্য চৰকাৰ তথা কেন্দ্রীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ হিতাধিকাৰীৰ তালিকাত মাথোঁ যোগ্যতাৰ ভিত্তিত অন্তর্ভুক্ত হোৱাটো সম্ভৱ নহয়৷ আনকি গৃহহীন বিপিএল পৰিয়াল এটাই প্রধানমন্ত্রীৰ আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকাত অন্তর্ভুক্ত হ’বলৈ হ’লে দালালৰ পাকচক্রত সোমাবই লাগিব৷ প্রধানমন্ত্রীৰ কৃষক সন্মান নিধিত ৰাজ্যখনৰ প্রকৃত কৃষকক বঞ্চিত কৰি কিদৰে বৃহৎ পৰিমাণৰ পুঁজি শৰাধ কৰা হৈছে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ প্রশাসন ব্যৱস্থাত দালালৰাজ বন্ধ কৰিবলৈ এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান চলাই এদিনতে প্রায় ৫০০ মাটিৰ দালালক গ্রেপ্তাৰ কৰিছে৷ ইয়াৰে একাংশই আইনৰ সুৰুঙাৰে জামিনত মুক্তি লাভ কৰিলেও অধিকাংশ কাৰাৰুদ্ধ হৈ আছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ প্রয়োজনীয় নথিপত্র প্রদানৰ বাবে ৰাজ্য চৰকাৰে ২ অক্টোবৰৰ পৰা ‘মিছন বসুন্ধৰা’ আৰম্ভ কৰিছে৷ এইক্ষেত্রত সর্বসাধাৰণ ৰাইজে যাতে ৰাজহ চক্র বিষয়াৰ কার্যালয় আৰু উপায়ুক্তৰ কার্যালয়ত দালাল চক্রৰ পাকচক্রত সোমাব নালাগে তাৰ বাবেই মুখ্যমন্ত্রীয়ে এনে কঠোৰ পদক্ষেপ গ্রহণ কৰাটো আদৰণীয়৷ কিন্তু ৰাজহ চক্র বিষয়াৰ কার্যালয়তেই নহয়, ৰাজ্য চৰকাৰৰ প্রায়বোৰ কার্যালয়তেই চলি আছে দালালৰাজ৷ বিশেষকৈ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত দশক দশক ধৰি চলি থকা দালালৰাজ বন্ধ হোৱা নাই৷ পৰিবহণ বিভাগত ৩৮২জন দালালৰ তালিকা হাতত থকা বুলি স্বয়ং মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷ পৰিবহণ বিভাগত দালালৰাজ উৎখাতৰ বাবে ৰাজ্য চৰকাৰে পূর্বতে কোনো পদক্ষেপ গ্রহণ কৰা নাই বুলি ক’লে ভুল হ’ব৷ দেশজুৰি পৰিবহণ বিভাগত নথি–পত্র অনলাইনযোগে আবেদন কৰাৰ প্রক্রিয়া চলি আছে৷ কিন্তু এনে পদক্ষেপ সত্ত্বেও পৰিবহণ বিভাগত দুর্নীতি–নিয়ম কমক দূৰৰ কথা, বৃদ্ধিহে হৈছে৷ জিলা পর্যায়ত চলি থকা প্রায়বোৰ কার্যালয়ৰ পৰা আৰম্ভ কৰি বিভাগীয় সঞ্চালকালয় আৰু সচিবালয়তো দালালৰাজ অব্যাহত আছে৷ ফলত চৰকাৰখনে যিমানেই স্বচ্ছ আৰু নিকা প্রশাসনৰ শ্ল’গান নিদিয়ক কিয়, সেয়া বাস্তৱত কোনো পৰিৱর্তন হোৱা নাই৷
প্রশাসনীয় ব্যৱস্থাক স্বচ্ছ আৰু নিকা ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে মাটিৰ দালালসমূহৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ লেখীয়া পৰিবহণ বিভাগকে ধৰি অন্যান্য বিভাগসমূহতো গ্রহণ কৰিব লাগিব ৰাজ্য চৰকাৰে৷ স্বচ্ছ আৰু নিকা প্রশাসন প্রতিষ্ঠা কৰাটো ৰাজ্য চৰকাৰখনৰ বাবে নিশ্চিতভাৱে এক গভীৰ প্রত্যাহ্বান৷ কিয়নো প্রশাসন ব্যৱস্থাত চলি থকা এনে অনৈতিক কার্যকলাপ এবছৰ–দুবছৰৰ ভিতৰত হোৱা নাই৷ বছৰ বছৰ ধৰি চলি থকা এনে দালালৰাজৰ স’তে জড়িত হৈ আছে একাংশ দুর্নীতিগ্রস্ত বিষয়াকে ধৰি এক প্রভাৱশালী চক্র৷ এই চক্রটোত আনকি একাংশ ৰাজনৈতিক নেতাও জড়িত থকাৰ অভিযোগ আছে৷ প্রশাসন ব্যৱস্থাত চলি থকা এনে দালালৰাজক ৰাজ্য চৰকাৰৰ সিংহভাগ বিষয়া–কর্মচাৰীয়ে মনে প্রাণে সমর্থন নকৰে আৰু ইয়াৰ অংশীদাৰো হ’ব নিবিচাৰে৷ কিন্তু নিষ্ঠাৱান বিষয়া–কর্মচাৰীসক এনে দালালৰাজ ব্যৱস্থাত অতিষ্ঠ হৈছে যদিও বৰমূৰীয়াসকলৰ ৰোষত পৰাৰ আশংকাত মুখবন্ধ কৰি থৈছে৷ শেহতীয়াকৈ এনে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে এলানি কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ অসম লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষ ডাঃ তাৰাপ্রসাদ দাসৰ পৰা আৰম্ভ কৰি ৰাকেশ পাল, আয়োগৰ কেইবাজনো সদস্য আৰক্ষীৰ জালত পৰিছে৷ একেদৰে প্রশাসনীয় ব্যৱস্থাক দুর্নীতি–নিয়মৰে কলুষিত কৰা কেইবাজনো শীর্ষস্থানীয় প্রশাসনীয় বিষয়াক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ ভিতৰত ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিব, সচিব, সঞ্চালক, আৰক্ষী উপ–মহাপৰিদর্শক পর্যায়ৰ বিষয়াও আছে৷ প্রশাসনক স্বচ্ছ আৰু নিকা ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে ৰাজ্য চৰকাৰখনে দালাল চক্রৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ উপৰি চৰকাৰী কাম–কাজৰ ক্ষেত্রত সময়নির্ধাৰিত কার্যসূচী গ্রহণ কৰিবই লাগিব৷ বিশেষকৈ প্রশাসন তথা চৰকাৰী বিভাগৰ ওচৰত দ্বাৰস্থ হোৱা লোকসকলৰ কাম–কাজ যাতে বিভাগীয় বিষয়া–কর্মচাৰীসক বিভিন্ন অজুহাত উলিয়াই যাতে হাৰাশাস্তি কৰিব নোৱাৰে, তাৰ বাবে সময় নির্ধাৰণ কৰি দিব লাগিব ৰাজ্য চৰকাৰে৷ এইক্ষেত্রত সর্বসাধাৰণ ৰাইজৰ মাজতো সজাগতা সৃষ্টি কৰিব লাগিব৷ ৰাইজৰ সজাগতা অবিহনে স্বচ্ছ আৰু নিকা প্রশাসন কোনো কাৰণতে সম্ভৱ হ’ব বুলি আশা কৰিব নোৱাৰি৷