নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুগা ৰেচমৰ বিশেষ আৱৰণ মুকলি অসম ডাক চক্রৰ

ভাৰতীয় ডাক বিভাগৰ উদ্যোগত আইআইটিত ডাক সপ্তাহ–বেংকিং দিৱস

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  আজাদী কা অমৃত মহোৎসৱ, ৰাষ্ট্রীয় ডাক সপ্তাহৰ লগতে বেংকিং দিৱস উপলক্ষে সোমবাৰে বিশেষ কার্যসূচীৰ আয়োজন কৰে ভাৰতীয় ডাক বিভাগৰ অসম চক্রই৷ ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান (আইআইটি) গুৱাহাটীৰ পুৰণি অতিথিশালা প্রেক্ষাগৃহত আয়োজিত এই বিশেষ অনুষ্ঠানত মুগাৰ ৰেচমৰ বিশেষ আৱৰণ (জিআইকোডঃ ৫৫) মুকলি কৰা হয়৷ মুগা সূতাৰ জনপ্রিয়তা বৃদ্ধি আৰু সমগ্র দেশজুৰি ইয়াৰ প্রচাৰৰ বাবে এই বিশেষ পদক্ষেপ গ্রহণ কৰিছে অসম ডাক চক্রই৷ আজিৰ এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ কেন্দ্রীয় যোগাযোগ ৰাজ্যিক মন্ত্রী দেবুসিংহ চৌহান৷

উল্লেখ্য যে ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ উদ্যাপন কৰা হ’ব ৰাষ্ট্রীয় ডাক সপ্তাহ৷ সমাজৰ সকলো শ্রেণীৰ বিত্তীয় অন্তর্ভুক্তি দূৰ কৰাৰ বাবে অসম ডাক চক্রই বিশেষ অৰিহণা যোগাই আহিছে৷ ৪০০৭ ডাকঘৰৰ জৰিয়তে ৰাজ্যবাসীক অসম ডাক চক্রই সেৱা আগবঢ়াই আহিছে৷ আজিৰ অনুষ্ঠানতে বেংকিং দিৱস উপলেেক্ষ খোলা আই পি পি বি নতুন একাউণ্টৰ কিউ আৰ কার্ডসমূহ গ্রাহকসকলক কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে প্রদান কৰে৷ তদুপৰি সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত খোলা একাউণ্টৰ পাছবুক গ্রাহকসকলক প্রদান কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী চৌহানে৷ আজিৰ অনুষ্ঠানত অসম ডাক চক্রৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল আৰ কে বি সিং, আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰাম, পেটেণ্ট তথ্য কেন্দ্রৰ বিজ্ঞানী সিদ্ধার্থ দেৱ নাথ, ডিব্রুগড় ক্ষেত্রৰ পোষ্ট মাষ্টাৰ জেনেৰেল চি এল লালফাক জুৱালকে ধৰি বহুসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ অসম ডাক চক্রৰ সহকাৰী সঞ্চালক বিজয়ানন্দ হাজৰিকাই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায়৷

You might also like