নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুটখা পিক আতৰাবলে বছৰি ৰে’লৱেৰ ব্যয় কিমান হয় জানেনে? শুনিলে আচৰিত হ’ব!

শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত অতি ধুমধামেৰে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰিছিল। অৱশ্যে, সেই কাৰ্যসূচী কিমান দূৰ সফল হ’ল সেই বিষয়ে সময়ে সময়ে যথেষ্ট বিতৰ্কও হয়। কিন্তু আপুনি জানি আচৰিত হ’ব যে দেশৰ ৰে’লৱে ডবাবোৰ পৰিষ্কাৰৰ নামত বছৰি কোটি কোটি টকা খৰছ হয় চৰকাৰৰ। সেই অপৰিষ্কাৰ ডবাবোৰৰ কাৰণ হৈছে ৰে’লত গুটখাৰ দাগ।

ৰে’লৱেই পান বা গুটখা পিক নিক্ষেপ কৰাৰ অভ্যাসত বাধা দিবলৈ জৰিমনাৰো ব্যৱস্থা কৰিছে। কিন্তু এইটো পুনৰ স্পষ্ট হ’ল যে কেৱল জৰিমনাই গুটখা খোৱা লোকক বাধা দিব নোৱাৰে।

ভাৰতীয় ৰে’লৱেৰ মতে, প্ৰতি বছৰে গুটখাৰ দাগ আঁতৰাবলৈ ১২০০ কোটি টকা ব্যয় হয়। ৰে’লৱেই বিভিন্ন ষ্টেচন চৌহদত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চলাইছে। কেন্দ্ৰই এতিয়ালৈকে ১২০০ কোটি টকা খৰচ কৰিছে।

You might also like