নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মজয়ন্তী পালন

নিয়মীয়া বাৰ্তা   ১৫অক্টোবৰঃ  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৩ সংখ্যক জম্মজয়ন্তী অন্যান্য ঠাইৰ লগতে চিৰাং জিলাৰ বাসুগাঁৱতো পালন কৰা হয় । বাসুগাঁও চহৰৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰ আৰু শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ (ধানবজাৰ) প্ৰাঙ্গনত আজি ৰাতিপুৱা ৮.০০ বজাত নাম-প্ৰসঙ্গৰে জম্মজয়ন্তীৰ কাৰ্য্যসূচী শুভাৰম্ভ হয় । নাম প্ৰসঙ্গৰ আঁতধৰে অভয়াপুৰীৰ সঞ্জীৱ অধিকাৰী বাপে । ইয়াৰ অন্তত ভাগৱত পাঠ কৰে শৰৎ বৰুৱা বাপে ।

বাসুগাঁৱৰ আই সকলৰ নাম-প্ৰসঙ্গৰে জিলা প্ৰশাসনৰ নিৰ্দেশনানুসৰি কাৰ্য্যসূচীৰ সামৰণি পেলোৱা হয় । নিকটৱৰ্তী বিজয়গাঁও-বৰছৰা আঞ্চলিক নামঘৰতো মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জম্মজয়ন্তী উৎসৱটি পালন কৰা হয় । ৰাতিপুৱাৰে পৰা নাম-প্ৰসঙ্গ, ভাগৱত পাঠ আদি কাৰ্য্যসূচী ৰূপায়িত হয় । নাম প্ৰসঙ্গৰ আঁত ধৰে নামাচাৰ্য্য ভদ্ৰেশ্বৰ ৰায় বাপ আৰু ভাগৱত পাঠ কৰে শৰণ সদস্য নৰসিত ভকত বাপে । বাসুগাঁৱস্থ কোকৰাঝাৰ-চিৰাং জিলা নামঘৰতো জম্মজয়ন্তী উৎসৱ ফাকি পালন কৰা বুলি জানিব পৰা গৈছে ।

You might also like