নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থানঃ নাম প্ৰসংগ অনুষ্ঠানত সেৱা ল’লে মন্ত্ৰী কেশৱ মহন্তই।

নিয়মীয়া বাৰ্তা  ১৫ অক্টোবৰ: গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মূখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত কলিয়াবৰ।ভকত-বৈষ্ণৱেৰে উদুলি-মুদুলি আজি শ্ৰীশ্ৰী বালিসত্ৰ থান।

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩সংখ্যক আৱিৰ্ভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰৰ লগতে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থানতো গুৰুজনাৰ জন্মজয়ন্তী ভাগ প্ৰতিবছৰৰ দৰে এইবাৰও দুদিনীয়াকৈ পালন কৰা হৈছে।

কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে শ্ৰীশ্ৰী বালিসত্ৰ বামন গোসাঁই থানত নাম-প্ৰসংগ¸হৰিনামৰে গুৰুজনাৰ আৰ্ৱিভাৱ মহোৎসৱ পালন কৰাৰ লগতে ধৰ্মালোচনী সভা, দিহানাম প্ৰতিযোগিতা, ৫৭৩ গচি বন্তি প্ৰজ্বলনৰ লগতে ভাওনা প্ৰদৰ্শনৰো আয়োজন কৰা হৈছে।আবিৰ্ভাৱ মহোৎসৱৰ নাম প্ৰসংগ অনুষ্ঠানত সেৱা ললে মন্ত্ৰী কেশৱ মহন্তই।

You might also like