নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বিজেপিৰ কিষান মৰ্চাৰ উদ্যোগত কলং নৈ পৰিষ্কাৰকৰণ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা কিষান মৰ্চাৰ উদ্যোগত আজি নগাঁও চহৰত পৰিষ্কাৰকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। সেৱাই সংগঠন কার্যসূচীৰ অংশ হিচাপে বিজেপিৰ নগাঁও জিলা সমিতিয়ে কিষান মৰ্চাৰ সহযোগত আজি নগাঁও চহৰৰ কৃষ্ণাশ্ৰম শিৱমন্দিৰৰ কলং নৈৰ ঘাটত এক পৰিষ্কাৰ কৰণ কাৰ্যসূচী ৰূপায়ন কৰে।

বিগত সময়চোৱাত এই ঘাটৰ ওচৰৰ কলং নৈ অপৰিষ্কাৰ-অপৰিচ্ছন্ন হৈ আছিল। আজি নগাঁও জিলা বিজেপিয়ে কিষান মৰ্চাৰ সদস্য-সদস্যা সকলৰ সহযোগত কলং নৈত থকা অপৰিষ্কাৰ-অপৰিচ্ছন্ন আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাওঁ জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাই হে মানুহক নিৰোগী কৰি ৰখাৰ লগতে সমাজখন সুস্থ-সবল কৰি ৰাখিব পাৰে। নগাওঁ জিলা বিজেপিয়ে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ নদী, ৰাজহুৱা সুঁতি, জলাশয়, জান-জুৰি নিজৰা আদি পৰিষ্কাৰ কৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংগ হিচাপে আজি আমি কলং নৈত এক পৰিষ্কাৰ কৰণ কাৰ্যসূচী ৰূপায়ন কৰোঁ।” 

Input: কনক হাজৰিকা

You might also like