নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হস্তীৰো পিছলে পাৱ… মৰিয়নিৰ চাহ বাগিচাত খালত সোমাল হাতী

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ:  ‘হস্তীৰো পিছলে পাৱ’ আপ্ত বাক্যশাৰীৰ সত্যতা প্ৰমাণ হ’ল আজি পুৱা মৰিয়নিৰ এখন চাহ বাগিচাত । মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই যোৱা এপাল বনৰীয়া হাতীৰ মাজৰে এটা পোৱালি হাতী আজি এটা খালত সোমাই পৰে ।

অভয়াৰণ্যখনৰ কাষৰীয়া দিহিঙীয়াপাৰ চাহ বাগিচাৰ ২১ নম্বৰ চেকছনৰ এটা খালত আজি পুৱা হাতী পোৱালিটো সোমাই আৱদ্ধ হৈ পৰে । সন্দেহ কৰা মতে পুৱতি নিশা অভয়াৰণ্যখনলৈ উভতি আহোঁতে পোৱালিটো কেনেবাকৈ চাহ বাগিচাৰ মাজত থকা খালটোত সোমাই পৰে । ওপৰলৈ মুৰ কৰি সোমাই পৰা হাতীটো উঠিব নোৱাৰা হয় । ফলত বহুসময় ধৰি হাতীটো খালটোতেই আৱদ্ধ হৈ পৰে । পিছত মেলেং খণ্ড বন বিষয়াৰ কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া নন্দন দুৱৰীৰ নেতৃত্বত যোৱা বন বিভাগৰ দলে হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উদ্ধাৰ কৰা হাতীৰ পোৱালিটো পিছত অভয়াৰণ্যখনলৈ উভতাই অনা হয় । বন বিভাগৰ মতে, প্ৰায় তিনি- চাৰি বছৰীয়া হাতী পোৱালিটো মতা আছিল ।

উল্লেখযোগ্য যে, অভয়াৰণ্যখনৰ পৰা ওলাই যোৱা হাতী পূৰ্বতেও এইদৰে বিভিন্ন স্থানত আৱদ্ধ হৈ পৰাৰ নজিৰ আছে ।

You might also like