নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ পৰা অহা চোৰাং কাঠৰ প্রতিদিনে ১.৫০ কোটিৰ জিএছটি ফাঁকি

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ অসামাজিক কার্যকলাপ তথা চোৰাং বেহাৰ বিৰুদ্ধে একপ্রকাৰ জেহাদ ঘোষণা কৰা ৰাজ্য চৰকাৰে শেহতীয়াকৈ বহু ছিণ্ডিকেট কাণ্ডাৰীক কৰায়ত্ত কৰিছে যদিও প্রশাসন তথা আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যত এতিয়াও অব্যাহত আছে  কাঠৰ চোৰাং বেহা৷ প্রতিদিনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা বৃহৎ পৰিমাণৰ কাঠ চোৰাংভাৱে আনি সৰবৰাহ হৈ আছে নামনি আৰু উজনি অসমলৈ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এনেধৰণৰ চোৰাং বেহাৰ বিৰুদ্ধে প্রতিদিনে অভিযান চলাই গৈছে যদিও কাঠৰ চোৰাং বেহা চলাই নিয়াৰ ক্ষেত্রত কিন্তু খোদ প্রশাসন–আৰক্ষীক আভুৱা–ভাঁৰিছে বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰীয়ে৷ আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পাছতো ৰাজ্যত চলি থকা কাঠৰ ছিণ্ডিকেট তথা চোৰাং বেহা শেহতীয়াকৈ উন্মোচিত হ’ল বজালী জিলাৰ ভৱানীপুৰৰ কয়াকুছিত জব্দ হোৱা এখন কাঠভর্তি ট্রাকক লৈ৷

সমান্তৰালভাৱে কাঠৰ চোৰাং বেহা তথা ছিণ্ডিকেটৰ আঁৰত থকা খলনায়কসকলৰ নামো শেহতীয়াকৈ পোহৰলৈ আহিছে৷ উত্থাপিত অভিযোগ অনুসৰি, ৰাজ্যত কাঠৰ ছিণ্ডিকেটৰ মূল কাণ্ডাৰী হিচাপে পুনৰ চিহ্ণিত হৈছে বৰপেটা জিলাৰ বহৰিৰ গোবিন্দ সৰকাৰ নামৰ এজন চোৰাং ব্যৱসায়ী৷ ৰাজ্যৰ কাঠ মাফিয়া হিচাপে চিহ্ণিত এইজন গোবিন্দ সৰকাৰৰ নেতৃত্বতে প্রতিনিশাই উজনিৰ পৰা নামনিলৈ অবাধ হাৰত চোৰাংকৈ সৰবৰাহ হয় মূল্যৱান কাঠ৷

যোৱা দেওবাৰে পুৱতিনিশা ভৱানীপুৰত জব্দ হোৱা বিশাল পৰিমাণৰ কাঠভর্তি ট্রাকখনতো আহিছিল গোবিন্দ সৰকাৰৰ কাঠ৷ মুখ্যতঃ ভুৱা চালান আৰু জি এছ টি ফাঁকিৰে নামনি অসমলৈ সৰবৰাহৰ উদ্দেশ্যে অনা এই ট্রাকখনত চালান অনুসৰি মাত্র ৭০ হাজাৰ টকাৰহে কাঠ আছিল যদিও পৰীক্ষাৰ অন্তত উন্মোচিত হ’ল যে জি এছ টি নোহোৱাকৈ এই ট্রাকখনত অনা হৈছে সাত লাখ টকাৰ কাঠ৷ এনেদৰে প্রায় প্রতিদিনে গোবিন্দ সৰকাৰৰ নেতৃত্বত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা জি এছ টি আদায় নিদিয়াকৈ সৰবৰাহ হৈ আছে চোৰাং কাঠ৷ লক্ষণীয়ভাৱে সুদূৰ মেঘালয়ৰ জোৱাই আৰু মায়ৰাঙৰ পৰা কঢ়িয়াই অনা নন শাল, পাইন, তিতাচপা আদি কাঠ ভুৱা চালানেৰে বর্ণিহাটলৈ কঢ়িয়াই অনা হয় যদিও চুবুৰীয়া ৰাজ্যখনৰ পৰা অহা এই কাঠসমূহ কোনোধৰণৰ পৰীক্ষা নকৰে বন বিভাগে৷ ছিণ্ডিকেট চক্রৰ হাতৰ মুঠিত থকা বন বিভাগৰ বিষয়া–কর্মচাৰীয়ে বৃহৎ অংকৰ বিনিময়ত ভুৱা চালানৰ ওপৰতেই ষ্টাম্প লগাই নামনি তথা উজনি অসমলৈ সৰবৰাহৰ বাবে ট্রাকসমূহ এৰি দিয়ে৷ এনেদৰে প্রতিদিনে অসমলৈ অহা ২০–৩০খন ট্রাকৰ জৰিয়তে ফাঁকি দি আহিছে ১.৫ কোটি টকাৰ জি এছ টি৷

খোদ বন বিভাগৰে এক সূত্রই প্রকাশ কৰা অনুসৰি জোৱাই আৰু মায়ৰাঙৰ পৰা বর্ণিহাটলৈ কঢ়িয়াই অনা ট্রাকসমূহক ভুৱা চালান যোগান ধৰে ডেভিদ আৰু চাবন কুমাৰ নামৰ দুজন দালালে৷ আনহাতে, বর্ণিহাটত এই ট্রাকসমূহৰ বাবে চালান প্রস্তুত কৰে মৃগেন আৰু দিলীপ নামৰ দুজন দালালে৷ প্রতিখন ট্রাকৰ নামত এই দুই দালালে সংগ্রহ কৰে ৩৫ হাজাৰ টকাকৈ৷ ইয়াৰে কিছু ট্রাকে দক্ষিণ কামৰূপ হৈ বৰপেটা, ধুবুৰীলৈ কাঠ কঢ়িয়াই নিয়াৰ বিপৰীতে আন কিছু ট্রাক জাগীৰোড হৈ উজনি অসমলৈ গতি কৰে৷ লক্ষণীয়ভাৱে জাগীৰোডত ভুৱা চালান যোগান ধৰে ৰিতম নামৰ আন এজন দালালে৷ পৰিতাপৰ বিষয়টো হ’ল যে মেঘালয়ৰ পৰা অহা এই ট্রাকসমূহৰ চালান অথবা জি এছ টি পৰীক্ষা নকৰাকৈয়ে মোটা ধনৰ বিনিময়ত ১২ মাইলত বন বিভাগে চকু মুদি চালানত ছীল–মোহৰ মাৰি দিয়ে৷ এই সমগ্র প্রক্রিয়াটো পৰিচালনা কৰে কাঠ মাফিয়া গোবিন্দ সৰকাৰ আৰু নজৰুল আলীয়ে৷ আনহাতে, এই দুয়োজনক সংগ দিয়ে খনীন তালুকদাৰ নামৰ আন এজন কাঠ মাফিয়াই৷

বিভাগীয় সূত্রটোৱে প্রকাশ কৰা অনুসৰি আৰক্ষী আৰু বন বিভাগৰ সহযোগত গোবিন্দ সৰকাৰে নিশাৰ আন্ধাৰত যোৱা দীর্ঘসময় ধৰি চলাই আছে চোৰাং কাঠৰ ছিণ্ডিকেট৷ নিয়ম অনুসৰি মেঘালয়ৰ পৰা বৈধভাৱে কেৱল নন শাল কাঠ আনিব নোৱাৰে৷ সেয়েহে ৫০ শতাংশ পাইন কাঠ আৰু ৫০ শতাংশ নন শাল কাঠ কঢ়িয়াই আনে কাঠ ব্যৱসায়ীসকলে৷ কিন্তু কাগজে–পত্রই ৫০ শতাংশ পাইন কাঠ আৰু ৫০ শতাংশ নন শাল কাঠ দেখুওৱা হয় যদিও প্রকৃততে গোটেই ট্রাকখনতে ভৰাই অনা হয় ৯০ শতাংশৰো অধিক নন শাল কাঠ৷ গোবিন্দ সৰকাৰৰ নেতৃত্বত চলি থকা এই অবৈধ বেহাৰ জৰিয়তে মেঘালয়ৰ পৰা কেৱল নন শাল কাঠহে কঢ়িয়াই অনা হয় প্রতিদিনে৷ দিছপুৰৰ বন বিভাগ আৰু আৰক্ষীৰ চকুৰ সন্মুখেৰে প্রতিদিনে এনেদৰে ভুৱা চালান আৰু জি এছ টিৰে পাৰ হৈ থাকে ২০ৰ পৰা ৩০খনকৈ ট্রাক৷ দেওবাৰে পুৱতিনিশা ভৱানীপুৰ থানাৰ অন্তর্গত কয়াকুছিত স্থানীয় ৰাইজে জব্দ কৰা এ এছ–০১ এল চি–৯৭১৬ নম্বৰৰ ট্রাকখনৰ নামত থকা ট্রেনজিট পাছ (টিপি)ত পাইন আৰু নন শাল কাঠ অনা বুলিহে উল্লেখ আছে৷ কিন্তু ট্রাকখনত উদ্ধাৰ হয় কেৱল নন শাল কাঠহে৷ মেঘালয়ৰ পৰা এই নন শাল কাঠসমূহ যাতে সাধাৰণ দৃষ্টিত ধৰা নপৰে, তাৰ বাবে পাইন কাঠেৰে ঢ়াকি অনা হয়৷ যোৱা দীর্ঘদিন ধৰি গোবিন্দ সৰকাৰে এনেদৰে চলাই থকা ছিণ্ডিকেটেৰে ইতিমধ্যে কোটিপতি হৈ পৰিছে৷ মুখ্যতঃ বন বিভাগৰ বিষয়া–কর্মচাৰীক মেনেজ কৰি গোবিন্দ সৰকাৰে চলাই থকা এই মুকলি ছিণ্ডিকেট বন বিভাগে দেখিও কিয় চুকমুদা কুলিৰ ভাও ধৰিছে তাক লৈ সৃষ্টি হৈছে ৰহস্য৷ অবাধ হাৰত ৰাজ্যৰ চৌদিশে চোৰাং কাঠৰ বেহাৰে সম্পত্তিৰ পাহাৰ গঢ়া গোবিন্দ সৰকাৰৰ বিভিন্ন অবৈধ কাম–কাজৰো শেহতীয়াকৈ তথ্য পোহৰলৈ আহিছে৷ এইক্ষেত্রত চৰকাৰে কি পদক্ষেপ লয় সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে৷

You might also like