নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰৰ প্রাৰম্ভিক দৌৰত ‘ব্রিজ’

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ মহামাৰী ক’ভিডসৃষ্ট দুর্যোগৰ মাজতে অসমীয়া চলচ্চিত্র উদ্যোগলৈ সুখবৰ৷ বিশ্ব চলচ্চিত্রৰ সর্বোচ্চ সন্মান ‘অস্কাৰ’ৰ প্রাৰম্ভিক দৌৰত অৱতীর্ণ হৈছে এখন অসমীয়া ছবি৷ আগন্তুক একাডেমী এৱার্ডছৰ মনোনয়ন লাভৰ বাবে প্রেৰণ কৰিবলগীয়া ভাৰতীয় অফিচিয়েল এণ্ড্রী হিচাপে ছবিখন চূড়ান্ত কৰিবলৈ ১২খন চলচ্চিত্রৰ এক তালিকা প্রস্তুত কৰা হৈছে৷ এই তালিকাৰ অন্তর্ভুক্ত হৈছে কৃপাল কলিতাৰ পৰিচালিত ‘ব্রিজ’৷ এই ১২খন চলচ্চিত্রৰ মাজৰ পৰাই এখনক ভাৰতীয় অফিচিয়েল এণ্ড্রী হিচাপে প্রেৰণ কৰা হ’ব বিদেশী ভাষাত ছবিৰ মনোনয়নৰ বাবে৷

উল্লেখ্য যে ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রয়োজিত ‘ব্রিজ’–এ ইতিমধ্যে ৩৫খনতকৈ অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে৷ ৫১সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অর্জন কৰা ‘ব্রিজ’–এ পাইছে আন কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান৷ ইয়াৰ ভিতৰত গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহাৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবি, ১৬সংখ্যক ত্রিশূল আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবি আৰু ভাৰতৰ চলচ্চিত্র সমালোচকসকলৰ সংস্থাFIPRESCI–ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্রেষ্ঠ দহখন চিনেমাৰ ভিতৰত স্থান লাভ বিশেষভাৱে উল্লেখনীয়৷

তদুপৰি কৃষ্টি পথাৰৰ বেনাৰত নির্মিত পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র ‘ব্রিজ’ৰ মূল অভিনেত্রী শিৱাৰাণী কলিতাই অটোৱা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেটিত লাভ কৰিছে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান৷ পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেটিত ইণ্ডিয়ান ফিল্ম ক্রিটিক্সৰ শ্রেষ্ঠ নৱাগত পৰিচালকৰ সন্মান অর্জন কৰিছিল৷ ‘ব্রিজ’ৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ‘ব্রিজ’ৰ সম্পাদনা কিশোৰ ডেকা আৰু প্রযোজনা নিয়ন্ত্রক ৰোহিণী কুমাৰ ডেকা৷ ‘ব্রিজ’ৰ মূল চৰিত্রটোত অভিনয় কৰিছে শিৱাৰাণী কলিতাই৷ আনহাতে অনিন্দিতা দাস, গোপমণি গগৈ, পার্থপ্রতিম বৰা, স্বপ্ণীল নাথ, ভূপেন শর্মা, সুৰেন মহন্ত, ৰীণা বৰা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শর্মা, শচীন্দ্র ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী অদি শিল্পীয়ে কেইটামান গুৰুত্বপূর্ণ ভূমিকাত অভিয়ন কৰিছে৷
ব্রাজিলৰ ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্রীয়
চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখালৈ জয়ছেং জয় দহোটিয়াৰ ‘জলছবি’
ইণ্ডো–জার্মান সহঃ প্রযোজনাৰে নির্মিত জয়ছেং জয় দহোটিয়াৰ দ্বিতীয়খন অসমীয়া চলচ্চিত্র ‘জলছবি’ নির্বাচিত হৈছে ব্রাজিলৰ মষ্টাৰা নামেৰে খ্যাত ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ৷ ছবিখনে মহোৎসৱৰ ‘নতুন পৰিচালক প্রতিযোগিতা’ শাখাত প্রতিযোগিতা আগবঢ়াব৷ অহা ২১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব লগা ১৪ দিনীয়া মহোৎসৱত বিশ্বৰ ভিন্ন প্রান্তৰ ছবিয়ে অংশগ্রহণ কৰিব৷ ‘জলছবি’ বার্লিনৰ মগাদৰ ফিল্ম আৰু ফ্রেংকফুকুট ফান ডে মেণ্টেল ষুটডি’জৰ সহযোগত অসমৰ মায়ামৰা আর্ট এণ্ড কালচাৰে নির্মাণ কৰিছে৷ লগতে সহযোগী হিচাপে আছে আৰমান প্রডাকচনছ৷ ছবিখনৰ প্রযোজক জয়ছেং জয় দহোটিয়া আৰু ভূপালী মৰাণ৷ সহঃ প্রযোজকঃ আৰমান আহমেদ, এন্দ্রেয়াছ লুকাছ, খ্রীষ্টফ থকে, শ্রীকুমাৰ দহোটিয়া আৰু মানসপ্রতিম দত্ত৷ ছবিখনৰ চিত্রগ্রহণ কৰিছে চিদা বৰা আৰু জয়ছেং জয় দহোটিয়াই, শব্দগ্রহণ অলিভাৰ আক্টেজ আৰু দেৱজিৎ গায়নৰ, কলা নির্দেশনা প্রকাশদীপ দহোটিয়া আৰু বিপনজিৎ গগৈৰ, প্রযোজনা নিয়ন্ত্রক তিলকজ্যোতি মৰাণৰ, ডি আই সুজিত বৰাৰ, ছবিৰ আৱহ সংগীত এন্দ্রেয়াছ লুকাছৰ, সংগীত সৌৰভজ্যোতি মহন্তৰ, গীতিকাৰ মৃণাল বৰগোহঁাই, কুকিল প্রতিম, ৰণ্টু মহন্ত আৰু যাদৱ মহন্তৰ৷ শব্দগ্রহণ দেৱজিৎ গায়ন, ৰিংকু বডো আৰু নয়নজ্যোতি ভূঞাৰ৷ কণ্ঠ নিগৰাইছে গীতালিন দত্তই৷ আনহাতে ৰূপসজ্জাত আছে বিশ্ব কলিতা৷ গ্রাফিক্স ধীৰুজ্যোতি বুঢ়াগোহাইৰ৷ ছবিখনৰ চিত্রনাট্য জয়ছেং জয় দহোটিয়াৰ৷ ‘জলছবি’ ছবিখনৰ তাপসী নামৰ মূল চৰিত্রটোত হূদয়স্পর্শী অভিনয় কৰিছে দৰথী ভৰদ্বাজে৷ আনহাতে ছবিখনত তাপসীৰ দেউতাকৰ চৰিত্রত অভিনয় কৰিছে কাকপথাৰৰ পুৰোধা নাট্যকর্মী নোমল চন্দ্র গগৈয়ে, মাকৰ চৰিত্রত অভিনয় কৰিছে বিশিষ্ট বিহুনৃত্য পটীয়সী দুর্লভা মৰাণে৷ ইয়াৰ উপৰি ককায়েকৰ চৰিত্রত ডুলুকান্ত মৰাণ, স্বামীৰ চৰিত্রত বিশাল অনুৰাগকে ধৰি অন্যান্য চৰিত্রত অখিল বিহিয়া গগৈ, কৰবী দুৱৰা, বিপনজিৎ গগৈ, জিতু মৰাণ, গীতাশ্রী দহোটিয়া আদিকে ধৰি বহুকেইগৰাকী ন– পুৰণি শিল্পীয়ে অভিনয় কৰিছে৷ উল্লেখ্য যে ছবিখনৰ অহা ২৬ অক্টোবৰত ব্রাজিলৰ ইটাউ চিনেমা স্পেচ থিয়েটাৰত ৱর্ল্ড প্রিমিয়াৰ সম্পন হ’ব৷ ছবিখনৰ আন দুটা দর্শনী আন আন ছবিগৃহত হোৱাৰ লগতে এটা দর্শনী অনলাইনৰ বাবেও মুকলি কৰি দিব৷

You might also like