ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বগীনদীৰ বিভিন্ন বিদ্যালয়ত আৰম্ভ হ’ল আনুষ্ঠানিক পাঠদান
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমুহৰ সমান্তৰালকৈ বগীনদীৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়সমুহত আনুষ্ঠানিক ভাৱে আৰম্ভ হ ল আনুষ্ঠানিক পাঠদান। দেশত ক’ভিদ ১৯ য়ে সৃষ্টি কৰা মহামাৰীৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমুহ বৰ্তমান পৰিস্থিতিত ক’ ভিদৰ সংক্ৰমণ শাম কটাত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে আজিৰে পৰা পৰ্যায়ক্ৰমে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বগীনদীৰ বিভিন্ন বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আৰম্ভ হ ল আনুষ্ঠানিক পাঠদান।
শিক্ষা বিভাগে বান্ধি দিয়া দৈনিক সময়সুচী মতে ১ অক্টোবৰৰ পৰা নিয়মীয়াকৈ চলি থকা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান সমুহ ধাৰাবাহিক ভাৱে চলি থকাৰ বিপৰীতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমুহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদান সপ্তাহত শিক্ষা বিভাগৰ দৈনিকপঞ্জী মতে তিনিদিনকৈ চলিব বুলি জানিব পৰা গৈছে। ফটো আছে।
Input:ভূবন গৌতম