গোসাইগাওত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ আত্মসমৰ্পণ কেএলঅ এছছিয়েছনৰ
নিয়মীয়া বাৰ্তা , ১৯ অক্টোবৰ – আসন্ন উপ নিৰ্বাচনৰ আগমুহুৰ্তত অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গোসাইগাঁও সমষ্টিত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী জনক সাক্ষাৎ কৰে ছাৰেণ্ডাৰ কেএলঅ এছছিয়েছনে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎকৰি জাতীয় গামোচাৰে সম্বৰ্ধনা জনায় এছছিয়েছনৰ সভাপতি কনকেশ্বৰ ৰায়ে । সম্বৰ্ধনাৰ অন্তত এক আলোচনাতো মিলিত হয় । উক্ত আলোচনাতে আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ ঘুৰি অহা সদস্যসকলোৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কেএলঅক অলপ দিনৰ ভিতৰতে আলোচনাৰ মেজলৈ আনিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই কথা সদৰি কৰে ছাৰেন্ডাৰ কেএল অ এছছিয়েছনৰ সভাপতি কনকেশ্বৰ ৰায়ে ।