নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ৰাজ্যৰ আন চাৰিটা বিধানসভা সমষ্টিৰ দৰে থাওৰা সমষ্টিতো ইতিমধ্যে উপ–নির্বাচনৰ যুঁজখন আকর্ষণীয় হৈ পৰিছে৷ প্রতিটো দল আৰু প্রার্থীয়ে ইতিমধ্যে নির্বাচনী প্রচাৰ অভিযান জোৰদাৰ কৰি তুলিছে৷ সমষ্টিটোত এইবাৰ বিজেপিৰ সুশান্ত বৰগোহাঁই, কংগ্রেছৰ মনোৰঞ্জন কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু ৰাইজৰ দলৰ ধৈর্য কোঁৱৰে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাৰিওগৰাকী প্রার্থীৰ নির্বাচনী যুঁজখন ক্রমাৎ আকর্ষণীয় হৈ পৰিছে৷ প্রতিগৰাকী প্রার্থীয়ে গাঁৱে–ভূঞে প্রচাৰ কার্য অব্যাহত ৰাখি সমষ্টিবাসীক আকর্ষণ কৰাৰ প্রয়াস অব্যাহত ৰাখিছে৷ যোৱা নির্বাচনত কংগ্রেছৰ টিকটত জয়লাভ কৰা সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰাৰ পিছত কংগ্রেছে এইবাৰ সমষ্টিটো নিজৰ দখলত নিয়াৰ বাবে পূর্ণ চেষ্টা অব্যাহত ৰাখিছে৷ সেইদৰে কংগ্রেছৰ পৰা বিজেপিত যোগদান কৰা আৰু সমষ্টিটোৰ এইবাৰৰ বিজেপি প্রার্থী সুশান্ত বৰগোহাঁইক পুনৰ নির্বাচিত কৰাৰ বাবে বিজেপিয়ে ইতিমধ্যে সমষ্টিটোত উবুৰি খাই পৰিছে৷
দলটোৰ বাঘা বাঘা নেতাই সমষ্টিটোত প্রচাৰ অভিযান চলাই থকাৰ লগতে নির্বাচনৰ দিন ঘোষণা কৰাৰ পৰাই মন্ত্রী পীয়ূষ হাজৰিকাই সমষ্টিটোত একপ্রকাৰ বাহৰ পাতি লৈছে৷ ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়েও ইতিমধ্যে সমষ্টিটোত বাহৰ পাতিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ২১ অক্টোবৰত থাওৰাত উপস্থিত হৈ হাই ভ’ল্টেজ নির্বাচনী প্রচাৰ চলাব৷ কাৰ শিৰত থাওৰাৰ ভৱিষ্যৎ উজলিব সেয়া সমষ্টিটোৰ ভোটাৰে অহা ৩০ অক্টোবৰত ৰায়দান কৰিব৷ সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে– ১,১৫,৩১৮জন৷ ইয়াৰ ভিতৰত ৪৩ হাজাৰ আহোম ভোটাৰ, ১৯,৫০০জন চাহ জনগোষ্ঠীৰ ভোটাৰ, ১১,৫০০জন মিচিং ভোটাৰ আছে৷ সেইদৰে সাধাৰণ শ্রেণীৰ ১৮ হাজাৰ, অনুসূচিত জাতিৰ ৩ হাজাৰ, দেউৰী ৩,৫০০জন, সোণোৱাল কছাৰী ২,৫০০জন, ধর্মীয় সংখ্যালঘু ৯ হাজাৰ, নেপালী ২,৫০০ আৰু অন্যান্য ৪ হাজাৰ ভোটাৰ আছে৷ বিগত নির্বাচনসমূহত প্রায় আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰেই জয়–পৰাজয়ত মূল ভূমিকা গ্রহণ কৰি আহিছে৷ এইবাৰো আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰেই জয়–পৰাজয়ত মূল ভূমিকা পালন কৰিব যদিও আটাইকেইগৰাকী প্রার্থীয়েই নিজৰ জয়ৰ বাবে বিভিন্ন সমীকৰণত ব্যস্ত আছে৷
মন কৰিবলগীয়া এয়ে যে যোৱা দুটা বিধানসভা নির্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে সমষ্টিটোত কংগ্রেছ আৰু বিজেপিৰ প্রার্থী দুগৰাকীৰ মাজতেই পোনপটীয়া যুঁজ হৈছিল আৰু জয়–পৰাজয়ৰ ভোটৰ সংখ্যাও তেনেই সামান্য আছিল৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিৰ কুশল দুৱৰীয়ে ৪১,৫৬০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ সুশান্ত বৰগোহাঁয়ে ৪০,৩৩৪টা ভোট লাভ কৰিছিল৷ সেইবাৰ চিপিআইৰ প্রার্থীগৰাকীয়ে সমষ্টিটোত ২,০৬৬টা ভোট লাভ কৰিছিল৷ বিজেপিৰ প্রার্থীগৰাকীয়ে কংগ্রেছ প্রার্থীগৰাকীতকৈ ১,২২৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল৷ ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছৰ সুশান্ত বৰগোহাঁয়ে ৪৮,০২৬টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ কুশল দুৱৰীয়ে ৪৬,০২০টা ভোট লাভ কৰে৷
অজাপৰ দ্বীপেন তাঁতীয়ে ১,৭০৫টা ভোট লাভ কৰে৷ কংগ্রেছ প্রার্থীগৰাকীয়ে বিজেপি প্রার্থীগৰাকীক ২,০০৬টা ভোটত পৰাজিত কৰি বিজয়ী হয়৷ কিন্তু এইবাৰ উপ–নির্বাচনত সমষ্টিটোৰ পৰিৱেশ সম্পূর্ণ বেলেগ হৈ পৰিছে৷ প্রাক্তন কংগ্রেছী সুশান্ত বৰগোহাঁয়ে এইবাৰ বিজেপিৰ হৈ যুঁজত নমাৰ লগে লগে থাওৰা সমষ্টিৰ কংগ্রেছ শিবিৰত ইতিমধ্যে এক আভ্যন্তৰীণ ভাঙোন পৰিলক্ষিত হৈছে৷ কংগ্রেছে মনোৰঞ্জন কোঁৱৰক প্রার্থিত্ব দি হেৰুওৱা গৌৰৱ উদ্ধাৰৰ বাবে ব্যাপক চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ আনহাতে কংগ্রেছ–বিজেপিৰ অংকত আউল লগাবলৈ সমষ্টিটোত দলে–বলে প্রৱেশ কৰিছে ৰাইজৰ দলে৷ দলটোৰ সভাপতি অখিল গগৈয়ে ৰাইজৰ দলৰ প্রার্থী ধৈর্য কোঁৱৰক জয়ী কৰোৱাৰ বাবে গাঁৱে–ভূঞে ব্যাপক প্রচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ ৰাইজৰ দলে জনসমর্থনৰ ব্যাপক চেষ্টা অব্যাহত ৰাখিলেও সমষ্টিটোত দলটোৰ প্রাৰম্ভিক ভেটি নথকাৰ বাবে বহু ক্ষেত্রত দলটো থমকি ৰ’বলগীয়া হৈছে৷ শিৱসাগৰ সমষ্টিকে মূলধন হিচাপে লৈ ৰাইজৰ দল থাওৰাত নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ সেইদৰে এইবাৰ সমষ্টিটোত মহাজোঁটবন্ধনৰ পৰা ওলাই আহি চিপিআয়ে কৃষ্ণ গগৈক দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷ কিন্তু ৰাজনৈতিক দৌৰত প্রার্থীগৰাকীয়ে এতিয়ালৈ ফেৰ মাৰিব পৰা নাই৷ বিজেপি প্রার্থী সুশান্ত বৰগোহাঁয়ে পূর্বৰ একাংশ কংগ্রেছীৰো সমর্থন লাভ কৰাৰ আশা আছে৷ সেয়ে সকলো দিশৰ পৰাই বিজেপি প্রার্থীগৰাকী এক যোগাত্মক স্থানত আছে বুলি ৰাজনৈতিক মহলত চর্চা চলিছে৷