বৰপেটাৰোডত জাৰ্ণেলিষ্ট ইউনিয়নৰ বৰপেটা জিলাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন
ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ অন্তৰ্ভুক্ত জাৰ্ণেলিষ্ট ইউনিয়ন অফ আচামৰ বৰপেটা জিলা সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশনখনি বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত হয়৷
পুৱা ইউনিয়নৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটা জিলা জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি ধনজিৎ কুমাৰ দাসে৷ পিছত জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্য তথা ৰাজ্যৰ প্ৰয়াত সাংবাদিক সকলৰ স্মৰণত অনুষ্ঠিত কৰা স্মৃতি তৰ্পণ অনুষ্ঠানটো শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক মহানন্দ পাঠক, সাধাৰণ সম্পাদক নৱজিত বায়ন প্ৰমুখ্যে জিলাখনৰ সাংবাদিক সকলে৷
এই অনুষ্ঠানৰ পিছতে জাৰ্ণেলিষ্ট ইউনিয়ন বৰপেটা জিলাৰ সভাপতি ধনজিৎ কুমাৰ দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ য’ত সাধাৰণ সম্পাদক নৱজিত বায়নে বাৰ্ষিক প্ৰতিবেদন আৰু হিচাপৰ খতিয়ান দাঙি ধৰে৷ সভাত জ্যেষ্ঠ সাংবাদিক মহানন্দ পাঠক, ধনজিৎ কুমাৰ দাস, আব্দুল হাইৰ লগতে সাংবাদিক চন্দন পাঠক, কমলেশ বৈশ্য, অৰূপ বায়ন প্ৰমুখ্যে কেবাজনে বক্তব্য আগবঢ়ায়৷
বিশেষকৈ বৰপেটা জিলা জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি তথা ৰাজ্যিক সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাসে সংগঠনটোৰ অধিকাংশসদস্যৰ নাম যে প্ৰেছ কাউন্সিলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে আৰু সংগঠনটোৰ ৰাজ্যিক সভাপতি চেমিম চুলতানা আহমেদে আইএফজেৰ জেণ্ডাৰ সমিতিৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ কথা উল্লেখ কৰে৷
একেদৰে আন সকলে সাংবাদিক সকলৰ ভৱিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থতে সাংবাদিক সাহায্য নিধি গঠন কৰা,বৰপেটা জিলা ভিত্তিত সাংবাদিক দিনপঞ্জী প্ৰস্তুত কৰা আৰু বাৰ্ষিক ভিত্তিত এখনি মুখপত্ৰ প্ৰকাশ কৰাৰ পোষকতা কৰে৷
আনহাতে এই সভাতে পুৰণি সমিতিখন ভংগ কৰি এখনি নতুন সমিতি গঠন কৰা হয়৷ সেই অনুসৰি জ্যেষ্ঠ সাংবাদিক ধনজিৎ কুমাৰ দাসক সভাপতি আৰু অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক ধ্ৰুৱজ্যোতি নাথক সাধাৰণ সম্পাদক হিচাপে সভাই নিৰ্বাচিত কৰে৷
একেদৰে সভাই মহানন্দ পাঠক,ডঃৰূপঞ্জীত দাস ,অৰূপ বায়ন, প্ৰবীণ ৰয় , কমলেশ বৈশ্যক উপ সভাপতি, চন্দন পাঠক আৰু শ্বাইফুল ইছলামক যুটীয়া সম্পাদক, অলকেশ বায়নক কোষাধ্যক্ষ, যুথিকা দাস-অনুপম অনিৰুদ্ধক পত্ৰিকা সম্পাদকৰ দায়িত্ব দিয়া হয়৷
আনহাতে বিশ্বমধু তালুকদাৰ, পুলেন কুমাৰ দাস, শ্বহিদুল ইছলাম, বাপকন দাসক সাংগঠনিক সম্পাদক আৰু প্ৰীতিষা গোস্বামী সহ গণেশ সাহাক প্ৰচাৰ সম্পাদকৰ দায়িত্ব দি ২৫ জনীয়া সমিতি গঠন কৰা হয়৷ মুকলি সভাৰ পূৰ্বে জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰয়াত সাংবাদিক জয়ন্ত কুমাৰ দাস, শ্বহিদুল ইছলাম,ৰাজু দাস সহ একাংশ সাংবাদিকৰ সোঁৱৰণত এক মিনিট মৌনতা অবলম্বন কৰে৷
নিয়মীয়া বাৰ্তা, বৰপেটাৰোড, ১৫ জুন