দীৰ্ঘা মাজ গাঁওৰ পূজা মণ্ডপত উলহ মালহেৰে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা উদযাপন
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : কালিৰে দুদিনীয়াকৈ উদযাপিত হোৱা ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে উলহ মালহেৰে দীৰ্ঘা মাজ গাঁওৰ পূজা মণ্ডপত উদযাপন কৰা হয়। শাৰদীয় দুৰ্গা পূজাৰ পিছতেই পূৰ্ণিমাৰ নিশা ধনৰ দেৱী লক্ষ্মীক আহ্বান কৰি ৰাজ্যজুৰি আয়োজিত লক্ষ্মী পূজাৰ সমান্তৰালকৈ দীৰ্ঘা মাজ গাঁওৰ দুৰ্গা পূজা মণ্ডপত চাকি বন্তি জ্বলাই চৌদিশ আলোকিত কৰি ধুমধামেৰে ধনৰ দেৱীক আহ্বান কৰা হয়। দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি ৰাজু ছেত্ৰী আৰু সম্পাদক বসন্ত উপাধ্যায়ৰ পৰিচালনাত আয়োজিত লক্ষ্মী পূজাত চিয়াজুলী অঞ্চলৰ শতাধিক লোক সমবেত হৈ পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজেদি পূজা অৰ্চনা, ধূপ ধুনা, চাকি বন্তি জ্বলাই লক্ষ্মী পূজা উদযাপন কৰে।