লাহৰীজানত চাৰি কোটি টকাৰ ড্রাগ্ছ জব্দ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে আৰক্ষীৰ নিৰৱচ্ছিন্ন অভিযান অব্যাহত থকাৰ সময়তে যোৱানিশা কার্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাইবুজন পৰিমাণৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে৷ এই সন্দর্ভত আৰক্ষীৰ তথ্য অনুসৰি এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত যোৱানিশা অসম–নাগালেণ্ড সীমান্তৱর্তী লাহৰীজান টহলদাৰী চকীৰ সন্মুুখত লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্রাপ্ত বিষয়া লুতফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তালাচী অভিযান আৰম্ভ কৰে৷
উক্ত অভিযানৰ সময়তে অভিযানকাৰী আৰক্ষীৰ দলটোৱে মণিপুৰৰ পৰা আহি থকা এ আৰ–২০–২৭০০ নম্বৰৰ যাত্রীবাহী নৈশবাছখনত তালাচী চলাই ৪৮টা চাবোনৰ বাকচত লুকুৱাই অনা ৫৮৪ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ দলটোৱে লগতে দুটা দুর্ধর্ষ ড্রাগ্ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে৷
ধৃত সৰবৰাহকাৰী দুটা ক্রমে মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ মায়ং ইম্ফলৰ ইৰেংবাম ককিল (৩৫) আৰু ইৰেং বাম বাবু সিং (৩২) বুলি চিনাক্ত কৰা হৈছে৷ জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰমূল্য প্রায় চাৰি কোটি টকা বুলি অনুমান কৰা হৈছে৷ আনহাতে, আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে কার্বি আংলং জিলা আৰক্ষীয়ে চলাই অহা অভিযানৰ বাবে জিলাখনৰ আৰক্ষীক প্রশংসা কৰে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে৷
বকলীয়াঘাটত সাংবাদিকৰে হোৱা বার্তালাপত শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে জিলাখনৰ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে অভিযানত উন্নতমানৰ প্রযুক্তিৰ ব্যৱহাৰৰ সুযোগ পালে এইক্ষেত্রত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে৷