নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ইলিচৰ জোৱাৰঃ চৰকাৰী নিষেধাজ্ঞা স্বত্বেও ২৩ ছেন্টিমিটাৰৰ তলৰ পোৱালী ইলিচৰো অবাধ নিধন

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: ধুবুৰীৰ ব্ৰহ্মপুত্ৰত এতিয়া ইলিচ মাছৰ উজান উঠিছে। ব্ৰহ্মপুত্ৰত এই বিধ মাছ পোৱা নাযায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ জালত যথেষ্ট পৰিমাণে ইলিছ পৰিবলৈ লোৱা দেখা গৈছে। উল্লেখ্য যে, প্ৰতিবছৰে মাৰ্চ আৰু অক্টোবৰ মাহত ১০/১২ দিনৰ  বাবে এইদৰে নৈখনত ইলিচৰ উজান উঠা পোৱা গৈ আহিছে।

ল্লেখ্য যে, হেৰিং প্ৰজাতিৰ এই সাগৰীয় মাছে কণী দিবলৈ মাৰ্চ আৰু অক্টোবৰ মাহত জাকে জাকে আহি মোহনাৰে ব্ৰহ্মপুত্ৰত প্ৰৱেশ কৰাৰ বাবেই সেই সময়চোৱাত নৈখনত ইলিচৰ উজান উঠে। ইফালে ৰসনৰা বাবে প্ৰতিবছৰে ব্ৰহ্মপুত্ৰলৈ কণী দিৱলৈ অহা ইলিচকে ধৰি পোৱালী মাছৰ অৱাধ নিধনৰ ফলত জীৱনচক্ৰত অহা জটিলতাৰ বাবে এসময়ত এইবিধ প্ৰজাতিৰ ইলিচৰ সম্পূৰ্ণৰূপে বিলুপ্তি ঘটাৰো আশংকাও কৰি অহা পোৱা গৈছে ভূৰখা বহুতেই।

উল্লেখ্য যে, ইলিচ মাছৰ এই প্ৰজাতি বিধৰ বিলুপ্তি ৰোধ কৰাৰ স্বাৰ্থত ২০১৭ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাজ্যিক মীন সঞ্চালকালয়ে ধুবুৰীৰ উপৰিও গোৱালপাৰা, বঙাইগাওঁ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তক প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ।   এএফ(এছ) ১৫২/২০১৬-১৭/৮৯৯৯-৯০০৪ মেমো নম্বৰৰ সেই পত্ৰথনত   এপ্ৰিলৰ পৰা জুন আৰু অক্টোবৰ পৰা জানুৱাৰী মাহলৈ মাছবিধ ধৰা বন্ধ কৰাৰ সময় সমাগত হৈ পৰা বুলি স্পষ্টভাৱে উল্লেখ আছিল। সেই পত্ৰ লাভ কৰাৰ পিছত ২০১৭ চনৰ ৩১ অক্টোবৰৰ দিনা ধুবুৰী জিলা প্ৰশাসনে জিলাখনৰ মীন উন্নয়ন বিষয়াক প্ৰেৰণ কৰিছিল এখন পত্ৰ।

ডিআৰএফ/৪৩/২০১৪/৩১১ মেমো নম্বৰৰ সেই পত্ৰখনত ইলিচৰ উৎপাদন বৃদ্ধিৰ স্বাৰ্থত ২৩ চেন্টিমিটাৰৰ তলৰ দৈৰ্ঘৰ ইলিচ মাছ ধৰা আৰু অধিক হাৰত ইলিচ মাছ মৰাৰ ৰোধ কৰাৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ধুবুৰী ব্ৰহ্মপুত্ৰত ইলিচৰ জোৱাৰ উঠাৰ লগে লগে চৰকাৰী সেই নিষেধাজ্ঞাক ফুটুকাৰ ফেণত পৰিণত কৰি স্থানীয় মাছৰ বজাৰ সমূহত কণী থকা মাছকে ধৰি সৰু সৰু পোৱালী ইলিচ মাছো বিক্ৰী কৰা হৈ থকাহে পৰিলক্ষিত হৈছে।

Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like