নাওবৈচাৰ ঐতিহ্যমণ্ডিত ডিম্বৰুগুৰি শংকৰ মন্দিৰত শ্ৰী শ্ৰী ৰাসলীলাৰ লাইখুটা স্থাপন
ৰাসলীলাৰ আখৰৰ শুভ উদ্বোধনী অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বৃহত্তৰ নাওবৈচা অঞ্চলৰ ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠান ডিম্বৰুগুৰি শংকৰ মন্দিৰত এইবাৰো অহা অহা নৱেম্বৰ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাসলীলাৰ অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।
উল্লেখ্য যে বিগত বৰ্ষত ক’ৰোনা মহামাৰীৰ বাবে ৰাসলীলা অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ চৰকাৰে বান্ধি দিয়া নতুন এছঅপিডি মানি শ্ৰী কৃষ্ণৰ পুৰ্ণাংগ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ মন্দিৰৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ তৎপৰ হৈ পৰিছে। এই উদ্দেশ্য কালি ডিম্বৰুগুৰি শংকৰ মন্দিৰ প্ৰাংগণত ৰাসলীলা অনুষ্ঠিত কৰিবলৈ লাইখুটা স্থাপন কৰে। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ লগতে গায়ন বায়ন আৰু আয়তিৰ উৰুলি তথা মঙ্গলধ্বনিৰে ৰাসৰ লাইখুটা স্থাপন কৰে অঞ্চলটোৰ জ্যেষ্ঠ সমাজকৰ্মী তথা ডিম্বৰুগুৰি শংকৰ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি উমানন্দ বৰুৱাই।
ইয়াৰ পাছতে মন্দিৰ প্ৰাংগণৰ অস্থায়ী আখৰাগৃহত ৰাসলীলাৰ আখৰা শুভাৰম্ভী কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিত্যানন্দ সেনাপতিয়ে। ৰাস উদযাপন সমিতিৰ সভাপতি মীন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰাসলীলা পৰিচালনা কৰিবৰ বাবে এখনি শক্তিশালী সমিতি গঠন কৰা হয়। ইয়াৰ পাছতে সংগীত শিল্পী বিপুল বৰুৱাৰ পৰিচালনাত ১০/১২ জনীয়া শিশু শিল্পীসকলে দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰে। ধৰ্মীয় নীতিয়ে ৰাসলীলা নাট খোলাৰ পাছত কৃষ্ণ নৃত্য,সূত্ৰ নৃত্য,সত্ৰীয়া নৃত্য আদি পৰিবেশন কৰা হয়।ৰাস উদযাপন সমিতিৰ সম্পাদক ৰবীন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অভিনেতা বসন্ত শৰ্মা,প্ৰধান শিক্ষক টিকেন্দ্ৰজিৎ বৰুৱা, বুদ্ধ কায়স্থকে ধৰি অঞ্চলটোৰ বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Input: নিতুল বৰা