নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মার্চৰ ভিতৰত অসমত স্থাপন হ’ব ৫৭টা বেংক

গুৱাহাটীত কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রী কাৰাড

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ অহা বছৰৰ ৩১ মার্চৰ ভিতৰত অসমত ৫৭টা নতুন বেংক স্থাপন কৰা হ’ব৷ ৰাজ্যখনত জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱা বাবে জনসাধাৰণে বিত্তীয় লেনদেনত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত এই কথা প্রকাশ কৰিছে কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী ড০ ভগৎ কিষাণ ৰাও কাৰাডে৷ সংবাদ মেলখনত তেওঁ কয় যে গ্রামাঞ্চলত বেংকৰ নতুন নতুন শাখা খোলাত গুৰুত্ব দিয়া হৈছে৷ বেংকৰ জমাৰ পৰিমাণ ৫৫ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ কম সুদত কেনেকৈ গ্রাহকক ঋণ দিব পৰা যায়, সেই বিষয়েও বেংক প্রতিষ্ঠানসমূহৰ সৈতে আলোচনা কৰা হৈছে৷

চৰকাৰী সুবিধাসমূহ হিতাধিকাৰীক বেংকৰ মাধ্যমেৰে দিয়াৰ প্রক্রিয়া আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ডিবিটি মাধ্যমেৰে সেই ধন আদায় দিয়া হয়৷ সমগ্র দেশত ৩৫,৯৮৩ লাখ জনধন একাউণ্ট আছে৷ অসমতো যথেষ্ট জনধন একাউণ্ট আছে৷ ৰাজ্যখনত জনধন একাউণ্টৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব৷ ইতিমধ্যে যিসকলৰ জনধন একাউণ্ট বন্ধ হৈছে, সেই একাউণ্টসমূহ পুনৰ খোলাৰ ব্যৱস্থা কৰা হ’ব৷ আধাৰ কার্ড নথকাসকলেও জনধন একাউণ্ট খুলিব পাৰিব বুলি জানিবলৈ দি তেওঁ কয় যে তেওঁলোকে বেংকৰ পৰা প্র–পত্র–৬০ সংগ্রহ কৰি পূৰণ কৰিলেই একাউণ্ট খুলিব পাৰিব৷ অৱশ্যে ভোটাৰ তালিকাত তেওঁলোকৰ নাম থাকিব লাগিব৷

সংবাদ মেলখনৰ পূর্বে কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী ড০ কাৰাডে ৰাজ্যিক পর্যায়ৰ বিশেষ বেংকার্ছ কমিটীৰ এখন বৈঠকত মিলিত হৈ ৰাজ্যখনৰ বেংকিং ব্যৱস্থা সম্পর্কত পর্যালোচনা কৰে৷ আনহাতে, সেই বৈঠকৰ বিষয়ে সদৰী কৰি ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগে কয় যে কেন্দ্রীয় আঁচনিৰ ক্ষেত্রত বিশেষকৈ ব্যক্তিগত খণ্ডৰ বেংকক আগভাগ লোৱাৰ বাবে আহ্বান জনোৱা হয়৷ বেংকসমূহে প্রচাৰৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিয়াৰ পোষকতা কৰি তেওঁ কয় যে বেংকৰ বিষয়ে জানিবলগীয়া সকলো তথ্য জনসাধাৰণক অৱগত কৰাৰ ব্যৱস্থা কৰিব লাগে৷ ম’বাইল ফোনৰ জৰিয়তে প্রচাৰৰ ব্যৱস্থা কৰিব লাগে৷ ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সুস্থিৰ বুলি উল্লেখ কৰি বিত্তমন্ত্রী নেওগে কয় যে ৰাজভঁৰাল টনকিয়াল হৈ আছে৷

যোৱা ৫টা মাহে চৰকাৰী কর্মচাৰীসকলক নিয়মিত ৰূপত সুচাৰুৰূপে দৰমহা দি অহাৰ লগতে মৰগীয়া বানচ ১১ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে৷ ঋণ লোৱাৰ প্রসংগত মন্ত্রী নেওগে কয় যে ৰাইজৰ উন্নয়নৰ বাবেহে ঋণ লোৱা হয়৷ তদুপৰি যাৰ ঋণ ওভতাই দিয়াৰ সক্ষমতা থাকে, তাকহে ঋণ দিয়ে৷ সেইদৰে বাজেট প্রস্তুত কৰোঁতেই ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বাজেটখন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিবোৰ কাম চৰকাৰে কৰিবলৈ সক্ষম হ’ব, বাজেটত সেয়াহে সন্নিৱিষ্ট কৰা হৈছে৷ ২০২১–২২ বর্ষৰ বাবে ধার্য কৰা পুঁজি সকলোকে সম্পূর্ণভাৱে ব্যৱহাৰ কৰাৰ বাবেও তেওঁ আহ্বান জনায়৷

ইপিনে, মাছখোৱাৰ প্রাগজ্যোতি সাংস্কৃতিক প্রকল্প প্রেক্ষাগৃহত ঋণ প্রসাৰৰ এক কার্যসূচীত অংশগ্রহণ কৰি কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী ড০ কাৰাডে কয় যে ধনজন যোজনা, মুদ্রা লোন আদি আঁচনিয়ে দেশৰ সামগ্রিক হাৰ অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ বিত্তীয় ক্ষেত্রত শিক্ষিতৰ হাৰ বাঢ়িলেহে ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়াৰে পৰা অসমৰ প্রত্যেকখন জিলাতে ভ্রাম্যমাণ এ টি এমৰ উপৰি ভ্রাম্যমাণ বিত্তীয় শিক্ষা অভিযানৰ কার্যসূচী গ্রহণ কৰা হ’ব৷ সেই অনুষ্ঠানতে তেওঁ কামৰূপ মহানগৰ জিলাৰ লগতে নগাঁও, মৰিগাঁৱৰ হিতাধিকাৰীসকলক চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ ঋণপত্র বিতৰণ কৰে৷

You might also like