নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ শংকিত আমেৰিকা

আফগানিস্তানত দুই দশকজোৰা যুদ্ধৰ পাছতো তালিবানক উৎখাত কৰিব নোৱাৰি আমেৰিকালৈ খালী হাতে দেশখনৰ বাহিনীয়ে ওভতাৰ পাছত এতিয়া হোৱাইট হাউছ প্রশাসনৰ এটাই আশংকা যে ৯/১১সদৃশ ভয়ংকৰ কূটাঘাত পুনৰ আফগান ভূমিৰ পৰা চলিব আমেৰিকাত৷ আল–কায়দাৰ গোলকীয় সন্ত্রাসবাদীৰ মাষ্টাৰ মাইণ্ড ওছমান বিন নাই যদিও কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৱে পুনৰ মূৰ দাঙি উঠিছে৷ তালিবান পুনৰ ক্ষমতালৈ অহাৰ লগে লগে আফগান ভূমিত আল–কায়দাই সাংগঠনিক ভেটি বিস্তাৰ কৰা বুলি আশংকা কৰিছে হোৱাইট হাউছ প্রশাসনে৷ শেহতীয়াকৈ আমেৰিকাৰ সুদক্ষ নিৰাপত্তা বিষয়াৰ দ্বাৰা পৰিচালিত প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে মার্কিন কংগ্রেছক সতর্কবাণী কৰিছে যে আগন্তুক ছমাহৰ ভিতৰতে আমেৰিকাত আফগানিস্তানত আশ্রয় লোৱা সন্ত্রাসবাদীয়ে চলাব ভয়াৱহ ৰক্তক্ষয়ী কূটাঘাত৷ অৱশ্যে প্রত্যক্ষভাৱে আল–কায়দাই এই আক্রমণ চলাব বুলি ধাৰণা কৰা নাই পেণ্টাগনৰ বিষয়ববীয়াসকলে৷ পেণ্টাগনৰ মতে আফগানিস্তানত তালিবানক প্রত্যাহ্বান জনাই মূৰ দাঙি উঠা ইছলামিক ষ্টেট–খোৰাছান (আইএছ–কে)এ আমেৰিকাত এইবাৰ আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ ২০০১ চনৰ ১১ ছেপ্ঢেম্বৰত আমেৰিকাৰ নিউয়র্কস্থিত বিশ্ব বাণিজ্য কেন্দ্র বিমান আক্রমণত ধূলিৎসা হৈছিল৷ এই আক্রমণৰ মাষ্টাৰ মাইণ্ড আছিল ওছমান বিন লাডেন৷ লাডেনক আশ্রয় দিছিল তালিবান নেতৃত্বই৷ তালিবানে লাডেনক আশ্রয় দিয়া বাবে আফগানিস্তানত ৰাষ্ট্রসংঘ তথা আন্তর্জাতিক সংস্থাসমূহৰ অনুমোদন নোহোৱাকৈ আমেৰিকাই চলাইছিল সন্ত্রাসবাদীবিৰোধী যুদ্ধ৷ এই যুদ্ধ আল–কায়দাৰ বিৰুদ্ধে আছিল যদিও আফগান জনতাই ইয়াৰ মূল্য ভৰিবলগীয়া হয়৷ তালিবান ক্ষমতাচ্যুত হৈছিল যদিও আমেৰিকাৰ সেনাৰ উপস্থিতিতে যুদ্ধবিধ্বস্ত দেশখনত পুনৰ মূৰ দাঙি উঠে কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী সংগঠনটো৷
দুই দশকৰ অধিক সময় উকলি গ’ল৷ হোৱাইট হাউছে আফগান ভূমিত খৰচ কৰিলে লাখ লাখ কোটি ডলাৰ৷ বহু প্রাণৰ বিনিময়ত আমেৰিকাই চলাই গ’ল তালিবানবিৰোধী অভিযান৷ কিন্তু অতি দুর্গম আফগানিস্তানত আমেৰিকান বাহিনীয়ে তালিবানক নিশ্চিহ্ণ কৰিব নোৱাৰিলে৷ বৰঞ্চ আমেৰিকাক প্রত্যাহ্বান জনাবলৈ তালিবানে নতুন উদ্যমেৰে যুঁজিলে৷ তাৰ ফলতে চলিত বর্ষৰ আগষ্ট মাহত আফগানিস্তান সম্পূর্ণৰূপে দখল কৰে তালিবানে৷ ব্যর্থতা আৰু হতাশাক বুকুত বান্ধি মার্কিন বাহিনীয়ে গৃহভূমিলৈ প্রত্যাৱর্তন কৰে৷ আমেৰিকাৰ এই লজ্জাজনক পৰাজয়ক লৈ দেশখনত সমালোচিত হ’বলগীয়া হৈছে ৰাষ্ট্রপতি জ’ বাইডেন৷ কি প্রয়োজন আছিল আফগানিস্তানত এনে এখন দীর্ঘম্যাদী যুদ্ধৰ৷ এতিয়া সেই আফগান ভূমিৰ পৰাই আমেৰিকালৈ বিয়পিছে আতংক৷ আল–কায়দা, ইছলামিক ষ্টেট সকলো এতিয়া আমেৰিকাৰ শত্রু৷ পেণ্টাগনৰ সূত্র অনুসৰি তালিবানৰ সৈতে ইছলামিক ষ্টেটৰ বিৰোধ আছে যদিও আফগানিস্তানৰ বিভিন্ন স্থানত ইছলামিক ষ্টেটে সবল সাংগঠনিক ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ লগে লগে আল–কায়দায়ো সংঘবদ্ধভাৱে আৰম্ভ কৰিছে আমেৰিকাবিৰোধী হুংকাৰ৷ ইছলামিক ষ্টেট আৰু আল–কায়দাৰ সন্মিলিত এই প্রত্যাহ্বান গ্রহণ কৰিব পৰা ক্ষমতা তালিবানৰ নাই বুলিয়েই অনুমান কৰে পেণ্টাগনে৷ গতিকে তালিবানৰ সকলো প্রত্যাহ্বান ওফৰাই ইৰাক আৰু ছিৰিয়াত হোৱা নৰমেধৰ প্রতিশোধ ল’বলৈ এইবাৰ আফগান ভূমিৰ পৰাই দুয়োটা জেহাদী সংগঠনে শক্তি সঞ্চয় কৰিব বুলি আশংকা কৰা হৈছে৷ পেণ্টাগনৰ এই সতর্কবাণীৰ পাছতে আমেৰিকাৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্র জোকাৰণি৷ পুনৰ ৯/১১ৰ দৰে পাশৱিক হত্যালীলাৰ সন্মুখীন হ’ব লাগিব নেকি আমেৰিকা? হোৱাইট হাউছ প্রশাসনৰ দুর্বল বৈদেশিক নীতিৰ বাবে পুনৰ আমেৰিকাৰ নিৰীহ জনসাধাৰণে প্রাণ দিব লাগিব নেকি? পেণ্টাগনৰ সতর্কবাণীৰ পাছতে এই প্রশ্ণবোৰ ধ্বনিত হৈছে সাধাৰণৰ জনতাৰ মনত৷

You might also like