নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজকে আফগানিস্তানৰ মুৰব্বী ঘোষণা আখুন্দজাদাৰ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ  মাত্র কিছুদিন পূর্বে তালিবানৰ এক সূত্রই ঘোষণা কৰিছিল যে কট্টৰ ইছলামিষ্ট গোটটোৰ শীর্ষ নেতা হাইবাতুল্লা আখুন্দজাদাৰ মৃত্যু হৈছে৷ কিন্তু মৃত্যুক লৈ সকলো জল্পনাক ভুৱা প্রমাণিত কৰি কালি জনসাধাৰণৰ সন্মুখত আহি উপস্থিত হ’ল আফগান তালিবানৰ শীর্ষ নেতাগৰাকী৷ কালি কান্দাহাৰ চহৰৰ এখন ধর্মীয় বিদ্যালয়ত হঠাতে দেখিবলৈ পোৱা যায় আখুন্দজাদাক৷ জামিয়া দাৰুল–আলুম হাকিমীয়া নামৰ এই বিদ্যালয়খনত আন এক তালিবান নেতাৰ সৈতে ঘূৰি ফুৰা দেখা গ’ল শীর্ষ নেতাগৰাকীক৷ আখুন্দজাদাই জনসাধাৰণৰ সন্মুখত অহাৰ খবৰ নিজেই জনাই দিয়ে আন্তর্জাতিক সংবাদ সংস্থা ৰয়টাৰক৷ এই সংবাদ প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে আলোড়ন৷ ১৪ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ আঢ়ৈ মাহ পাছত প্রথমবাৰলৈ এনেদৰে ৰাজহুৱা স্থানত দেখিবলৈ পোৱা গৈছে ইছলামিষ্ট গোটটোৰ শীর্ষ নেতাগৰাকীক৷

লক্ষণীয়ভাৱে আখুন্দজাদাক ৰাষ্ট্রপ্রধান হিচাপে লৈ ইতিমধ্যে আফগানিস্তানত তালিবানে গঠন কৰিছে চৰকাৰ৷ কিন্তু এই চৰকাৰ গঠনৰ সময়তো আখুন্দজাদাক কোনেও দেখা পোৱা নাছিল৷ আনকি আমেৰিকান সেনা তথা নাটো বাহিনী আফগানিস্তানৰ পৰা আঁতৰি যোৱাৰ পাছতো তালিবানৰ শীর্ষ নেতাগৰাকীয়ে কোনো এটা শব্দ আফগানবাসীক সম্বোধি কোৱা নাছিল৷ পোহৰলৈ অহা নাছিল আখুন্দজাদাৰ কোনো ভিডি’ বার্তাও৷ স্বভাৱিকতেই তালিবানপ্রধানগৰাক্ স্বাস্থ্যক লৈ বিভিন্ন মহলত উদয় হৈছিল প্রশ্ণ৷ আখুন্দজাদা জীৱিত আছে নে নাই, তাক লৈ চর্চা চলি থকাৰ মাজতে তালিবানৰ এক সূত্রই শীর্ষ নেতাগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল৷ কিন্তু কালি কান্দাহাৰত আখুন্দজাদাই আত্মপ্রকাশ কৰি জনাই দিলে যে আফগানিস্তানত তালিবান চৰকাৰৰ তেৱেঁই মুৰব্বী৷

স্মর্তব্য যে পাকিস্তানী সেনাৰ এক আত্মঘাতী আক্রমণত হাইবাতুল্লা আখুন্দজাদাৰ মৃত্যু হোৱা বুলিও একাংশ সংবাদ মাধ্যমে পূর্বে সদৰী কৰিছিল৷ প্রবীণ তালিবান নেতাক আমিৰ–আল মুমিনিন শ্বেখে এক সংবাদ মাধ্যমক কৈছিল যে যোৱা বছৰ আখুন্দজাদাৰ পাক বাহিনীৰ আত্মঘাতী আক্রমণত মৃত্যু হৈছিল৷ কিন্তু সাম্প্রতিক ঘটনাপ্রৱাহে স্পষ্ট কৰি দিছে যে আখুন্দজাদা জীৱিত আছে৷ সুস্বাস্থ্যৰে বর্তমান তালিবানৰ অন্যতম সাংগঠনিক ভেটি কান্দাহাৰত ঘূৰি ফুৰিছে নেতাগৰাকীয়ে৷ অৱশ্যে সংবাদ মাধ্যমে আখুন্দজাদাক কান্দাহাৰত ঘূৰি ফুৰাৰ কোনো ছবি বা ভিডি’ মুকলি কৰি দিয়া নাই৷ গতিকে বিষয়টোক লৈ সন্দেহৰ অৱকাশ আছে৷ কিন্তু কান্দাহাৰত ধর্মীয় বিদ্যালয়ত আখুন্দজাদাই আত্মপ্রকাশ কৰা বুলি আন্তর্জাতিক সংবাদ সংস্থা ৰয়টাৰে প্রকাশ কৰাৰ লগে লগে বিষয়টোক লৈ বিশ্বজুৰি চলিছে চর্চা৷ পাক বাহিনীৰ হাতত নেতাগৰাকী নিহত হোৱা বুলি দাবী কৰা তালিবানৰেই একাংশ নেতাই এই মুহূর্তত মৌনতা অৱলম্বন কৰা বিষয়টোক লৈ সৃষ্টি হৈছে বিভিন্ন মহলত কৌতূহল৷

You might also like