নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত এমহীয়া টাইকাণ্ডো প্ৰশিক্ষণৰ সামৰণি

প্ৰশিক্ষণত ভাগ লোৱা ছাত্ৰ-ছাত্ৰী সকলক সভা অনুষ্ঠিত কৰি প্ৰমাণ পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ১ নবেম্বৰঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ধনখনাত অৱস্থিত গোৰ্খা ভৱনত যোৱা এমাহ ধৰি ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা টাইকাণ্ডো প্ৰশিক্ষণ শিবিৰ অলপতে সামৰণি পৰে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত উক্ত প্ৰশিক্ষণ শিৱিৰ সামৰণি পৰাৰ পাছত কালি এখন সভা অনুষ্ঠিত কৰি আমন্ত্ৰিত অতিথি সকলৰ হাতেৰে প্ৰশিক্ষণ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে৷ শোণিতপুৰ ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমী (Sonitpur Warriors Taekwondo Academy) ৰ ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমী মিছামাৰীৰ উদ্যোগত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এমহীয়া প্ৰশিক্ষণত বৃহত্তৰ অঞ্চলটোৰ ৮৫ গৰাকী ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল আৰু টাইকাণ্ডোৰ বিনামূলীয়া আত্মৰক্ষা প্ৰশিক্ষণত ভাগ লোৱা সকলো ছাত্ৰ-ছাত্ৰীকে উদ্যোক্তা সকলৰ তৰফৰ পৰা একোখন কৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷

ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমীয়ে আয়োজন কৰা এমহীয়া প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী অতিথি আৰু উদ্যোক্তা সকলৰ ভাষণৰ মাজেমাজে ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা গীত নৃত্যই অনুষ্ঠানত ভাগ লোৱা সকলোকে আমোদ যোগাই ৷ ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমী মিছামাৰীৰ সভাপতি ৰাজেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত মিছামাৰী জিলা পৰিষদৰ সদস্যা কমলা কুৰ্মী, জীয়াগাভৰু পঞ্চায়তৰ কাউঞ্চিলৰ লীলা নেৱাৰ, ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমীৰ দিলীপ গুৰুং আদিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত মিছামাৰী পঞ্চায়তৰ কাউঞ্চিলৰ নৰ বাহাদুৰ ছেত্ৰী (ভীম), উদীয়মান সমাজকৰ্মী সম্পুৰ সিং ৰাই, ৱাৰ্ড মেম্বাৰ মনোজ ভট্টৰায়,ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমীৰ জয়ন্ত কলিতা,যাদৱ নেৱাৰ,ৱাৰিয়ৰ্চ টাইকাণ্ডো একাডেমী মিছামাৰীৰ উপ সভাপতি বাসুদেৱ শৰ্মা আদি সামৰণি অনুষ্ঠানৰ সভাত উপস্থিত থাকি সভাৰ সমুহ কাৰ্যসূচী চলাই নিয়াত সহায় কৰাৰ উপৰি সৌষ্ঠৱ বৃদ্ধি কৰে ৷

Input: বগা তপ্ন , মিছামাৰী

You might also like