নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰৰ বিপণীত বহিঃৰাজ্যৰ আলোকসম্ভাৰ

ক’ভিডকালতো দীপাৱলীক আদৰিবলৈ বজাৰত ভিৰ মহানগৰবাসীৰ

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ ক’ভিডকালতো দীপাৱলীক আদৰিবলৈ বজাৰত ভিৰ মহানগৰবাসীৰ৷ বিভিন্ন সমস্যা নেওচি পূর্বৰ দৰে এইবেলিও মহানগৰবাসীয়ে ধর্মীয় পৰম্পৰা ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দীপাৱলী উদ্যাপনৰ বাবে সাজু হৈছে৷ বিশেষকৈ প্রদূষণমুক্ত দীপাৱলী উদ্যাপনৰ বাবে এইবাৰ মহানগৰবাসীয়ে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ শব্দ আৰু বায়ু প্রদূষণৰ প্রতি লক্ষ্য ৰাখি মহানাগৰিকে উচ্চ প্রাবল্যৰ ফটকা আৰু চীনা লাইট ব্যৱহাৰৰ পৰিৱর্তে মাটিৰ চাকি ব্যৱহাৰ কৰি পোহৰৰ উৎসৱ উদ্যাপনৰ বাবে মনোনিৱেশ কৰিছে৷ ফাঁচীবজাৰৰ বিপণীত বহিঃৰাজ্যৰ আলোকসম্ভাৰ৷ মহানগৰবাসীয়ে থলুৱা মাটিৰ চাকি বিচাৰি ইতিমধ্যে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ বজাৰত থলুৱা মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে বহিঃৰাজ্যৰ চাকিৰে বজাৰ উভৈনদী হৈ পৰিছে৷ প্রতি বছৰৰ দৰে এইবেলিও কলকাতাৰ পৰা অহা ৰং–বিৰঙী চাকিৰে ভৰিছে মহানগৰীৰ বজাৰ৷

বিশেষকৈ জলপাইগুৰিৰ পৰা অহা মাটিৰ চাকি মহানগৰীৰ মালিগাঁও, আদাবাৰী, কামাখ্যাগেট, ভৰলুমুখ, শান্তিপুৰ, ফাঁচীবজাৰ, পল্টনবজাৰ, কুমাৰপাৰা, ফটাশিল আমবাৰী আদি অঞ্চল ভৰি পৰিছে৷ দীপাৱলীৰ প্রাক্মুহূর্তত থলুৱা চাকিৰ পৰিৱর্তে বহিঃৰাজ্যত নির্মিত চাকিৰে পদপথৰ বজাৰ ভৰি পৰাত সচেতন মহলে উদ্বেগ প্রকাশ কৰিছে৷ তদুপৰি বহিঃৰাজ্যৰ পৰা অহা চাকিৰ দাম পূর্বৰ তুলনাত দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ বজাৰত উপলব্ধ হোৱা বহিঃৰাজ্যৰ সৰু চাকি ১০ টকা, মজলীয়া চাকি ২০ টকা, ডাঙৰ চাকি অনুসৰি ৫০, ১০০, ১৫০, ২০০ আৰু ৩০০ টকাত বিক্রী কৰা দেখা গৈছে৷ একেদৰে লাখটকীয়া, ফাঁচীবজাৰ, পল্টনবজাৰ, ছয়মাইল আৰু গণেশগুৰিকে ধৰি অনান্য অঞ্চলৰ দোকান–পোহাৰতো ৰং–বিৰঙী লাইটেৰে ভৰি পৰিছে৷ অৱশ্যে বহিঃৰাজ্যৰ পৰা অহা চাকিৰ তুলনাত মহানগৰবাসীয়ে থলুৱা মৃৎশিল্পীসকলে নির্মাণ কৰা চাকি বিচাৰি বজাৰত ভিৰ কৰা দেখা গৈছে৷ উল্লেখ্য যে প্রশাসনৰ তৰফৰ পৰা মহানগৰবাসীক পূর্বৰ দৰে এইবেলিও প্রদূষণমুক্ত দীপাৱলী উদ্যাপনৰ বাবে আহ্বান জনাইছে৷

You might also like