নগাঁও আৰক্ষীৰ জালত ভুৱা অধিবক্তাঃ আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ স্বয়ম্ভূ অধিবক্তাক
নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ: নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত আজি এজন ভুৱা অধিবক্তাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, পচক’ এক্টৰ এক গোচৰত অভিযুক্ত এজন আচামীক জামিন লাভৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ৫০ হাজাৰ দাবী কৰিছিল পবিত্ৰ হাজৰিকা নামৰ এজন ভুৱা অধিবক্তাই।
জানিব পৰা মতে প্ৰকৃততে আচামী জনৰ অধিবক্তা আছিল দিব্য প্ৰসাদ বৰা নামৰ এজন অধিবক্তাহে। আচামীজনৰ গোচৰটো অধিবক্তা বৰাই চলাই থকাৰ মাজতে ভুৱা অধিবক্তা পৱিত্ৰ হাজৰিকাই ভুৱা প্ৰতিশ্ৰুতিৰে জামিন কৰাই দিয়াৰ নামত যোৱা ৩০ অক্টোবৰৰ পৰা ৫০ হাজাৰ টকা দাবী কৰি আছিল। এই কথা জানিব পাৰি অধিবক্তা দিব্য প্ৰসাদ বৰাই আজি পৱিত্ৰ হাজৰিকাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আজি আদালত চৌহদৰ পৰাই বিভিন্ন আপত্তিজনক নথি পত্ৰসহ পৱিত্ৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, জিলাখনৰ কামপুৰ অঞ্চলৰ ধৃত ভুৱা অধিবক্তা পৱিত্ৰ হাজৰিকাই দীৰ্ঘদিন ধৰি বিভিন্ন লোকৰ পৰা গোচৰ-মোকৰ্দমা চলোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। আনকি, পবিত্ৰ হাজৰিকাক অধিবক্তাৰ সাঁজত প্ৰায়ে নগাঁও আদালত চৌহদত দেখিবলৈ পোৱা যায় বুলি একাংশ অধিবক্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আৰক্ষীয়ে পৱিত্ৰ হাজৰিকাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।