নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চৰ ভিতৰত ৩৩ লাখ সদস্যভর্তিৰ লক্ষ্য কংগ্রেছৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ চি ডব্লিউ চিৰ নির্দেশ অনুসৰি আজিৰে পৰা দেশজুৰি কংগ্রেছৰ বিশেষ সদস্যভর্তি অভিযান আৰম্ভ হৈছে৷ অসম প্রদেশ কংগ্রেছ কমিটীয়েও সোমবাৰৰ পৰা সেই সদস্যভর্তি সদস্যভর্তি অভিযান আৰম্ভ কৰে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু জ্যেষ্ঠ কংগ্রেছ নেতা হিৰণ্য বৰাক প্রথমতে দলীয় সদস্যৰ পদ প্রদান কৰি এই অভিযানৰ শুভাৰম্ভ কৰে৷

এই সন্দর্ভত আয়োজিত এখন সংবাদ মেলত দলৰ কার্যকৰী সভাপতি গোস্বামীয়ে কয় যে সোমবাৰৰ পৰা অহা বছৰৰ ৩১ মার্চলৈ কংগ্রেছৰ এই বিশেষ সদস্যভর্তি অভিযান চলিব৷ দলৰ পুৰণা সদস্যৰ সদস্যপদ নৱীকৰণৰ লগতে ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ লোকক দলীয় সদস্যপদ প্রদান কৰা হ’ব৷ অহা ২০২২ চনত হ’বলগীয়া দলীয় নির্বাচনৰ পৰিপ্রেক্ষিতত এই সদস্যভর্তি অভিযান আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ আৰু কয় যে সদস্যপদ গ্রহণ, সদস্যপদ নৱীকৰণৰ বাবে প্রত্যেকে পাঁচ টকাকৈ মাচুল আদায় দিব৷ অহা মার্চ মাহৰ ভিতৰত অসমত ৩৩ লাখ সদস্যভর্তিৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি জানিবলৈ দি তেওঁ আৰু কয় যে ৰাজ্যখনৰ প্রতিটো বিধানসভা সমষ্টিত ২৫ হাজাৰ সদস্যভর্তিৰ লক্ষ্য স্থিৰ কৰা হৈছে৷

নতুন সদস্যভর্তি অভিযান অনলাইন প্রক্রিয়াৰেও সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দি তেওঁ আৰু কয় যে সমাগত দীপাৱলীৰ পাছতেই অসমলৈ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং আহিব৷ জিতেন্দ্র সিঙৰ উপস্থিতিতেই সদস্যভর্তিৰ বাবে ৰাজীৱ ভৱনে নতুন ৱেবছাইট এটা মুকলি কৰি দিব৷ আনহাতে, ৰাজ্যৰ শাসক দল বিজেপিৰ ৪২ লাখ কার্যকর্তা থকাৰ বিপৰীতে কংগ্রেছে মাত্র ৩৩ লাখ লোকক সদস্যভর্তি কৰাবলৈ লক্ষ্য স্থিৰ কৰা সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে আমি প্রক্সি মেম্বাৰশ্বীপ কৰিব বিচৰা নাই৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই ভাষণত কয় যে ৰাজ্যখনত সকলো শ্রেণীৰ জনসাধাৰণক কংগ্রেছৰ সদস্যভর্তি কৰাই দলৰ স্থিতি শক্তিশালী কৰিব বিচৰা হৈছে৷

You might also like