নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশাসনৰ নির্দেশনাক অংগুষ্ঠঃ ফাঁচীবজাৰৰ ইলাহী কমপ্লেক্স–জীৱনদ্বীপ মার্কেটত অবৈধভাৱে লাখ লাখ টকাৰ ফটকা বিক্রী

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ দুটা দিন বাকী৷ এইবেলি দীপাৱলীত কামৰূপ মহানগৰ জিলা আৰক্ষী প্রশাসনে মহানগৰীত উচ্চ প্রাবল্যৰ ফটকা বিক্রীৰ বাবে আজিলৈকে অনুমতি প্রদান কৰা নাই৷ প্রশাসনৰ বিনা অনুমতিত একাংশ অসাধু বণিয়াই মহানগৰীৰ গুদামত অবৈধভাৱে মজুত কৰি ৰখা ফটকা বিক্রী কৰি আহিছে৷

একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি অসাধু বণিয়াই দীপাৱলীৰ প্রাক্ক্ষণত লাখ লাখ টকাৰ ফটকা বিক্রী কৰি থকাৰ পিছতো প্রশাসনে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ প্রশাসনৰ নীতি–নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি ফাঁচীবজাৰৰ ইলাহী কমপ্লেক্স আৰু জীৱনদ্বীপ অট্টালিকাৰ দ্বিতীয় মহলাৰ গুদামত মজুত কৰি ৰখা লাখ লাখ টকাৰ ফটকা বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যি সময়ত আৰক্ষী প্রশাসনে খুচুৰা ব্যৱসায়ীসকলক ফটকা বিক্রীৰ বাবে অনুমতি প্রদান কৰা নাই, সেই সময়তে ফাঁচীবজাৰৰ গুদামত মুকলিকৈ অসাধু বণিয়াই কিদৰে ফটকা বিক্রী কৰিবলৈ সুবিধা পালে, সেই লৈ বিভিন্ন মহলত প্রশ্ণ উত্থাপন হৈছে৷

উল্লেখ্য যে ক’ভিড অতিমাৰীৰ সময়ছোৱাত মহানগৰবাসীৰ জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি আৰক্ষী প্রশাসনৰ লগতে প্রদূষণ নিয়ন্ত্রণ ব’র্ডে প্রদূষণমুক্ত সেউজ দীপাৱলী পালন কৰিবলৈ সর্বসাধাৰণ লোকক আহ্বান জনাইছে৷

You might also like