ক’ভিডে বিশ্বজুৰি প্রাণ কাঢ়িলে ৫০ লাখৰ
দুবছৰ ধৰি মহামাৰীৰ সংহাৰী ৰূপঃ ভেকচিন প্রদানত বৈষম্যক লৈ উদ্বিগ্ণ ৰাষ্ট্রসংঘ
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীত দুটা বছৰত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই আজি ৫০ লাখ অতিক্রম কৰিছে৷ লক্ষণীয়ভাৱে বিভিন্ন দেশত ক’ভিড ভেকচিন প্রদান কৰাৰ বাবেই মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা পূর্বৰ তুলনাত হ্রাস পাইছে যদিও এতিয়াও ক’ভিডৰ তৃতীয় জোৱাৰৰ আশংকা অব্যাহত আছে৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনী গুটেৰেছে আজি মহামাৰীত ৫০ লক্ষাধিক লোকে প্রাণ হেৰুওৱা বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰি কয় যে ভেকচিন বিভিন্ন দেশত প্রদান কৰা হৈছে যদিও এতিয়াও এইক্ষেত্রত সমতা পৰিলক্ষিত হোৱা নাই৷ অর্থাৎ সকলো দেশৰ নাগৰিকে সমভাৱে ভেকচিন লোৱা নাই বুলি স্পষ্ট কৰি দিছে গুটেৰেছে৷
সমৃদ্ধিশালী দেশসমূহত ক’ভিড ভেকচিনৰ তৃতীয়টো ড’জ প্রদান কৰিবলৈ লোৱা হৈছে যদিও আফ্রিকাত এতিয়াও মাত্র ৫ শতাংশ লোকেহে এটা ড’জ ভেকচিন লাভ কৰিছে৷ গোলকীয়াভাৱে এয়া এক লজ্জাজনক ঘটনা বুলি অভিহিত কৰিছে গুটেৰেছে৷ স্মর্তব্য যে শেহতীয়াকৈ ৰাছিয়া–ব্রিটেইনকে ধৰি ইউৰোপৰ বিভিন্ন দেশত ক’ভিডৰ সংক্রমণে পুনৰ সংহাৰ সৃষ্টি কৰিবলৈ লৈছে৷ গতিকে, মহামাৰীৰ আশংকা এতিয়াও অব্যাহত থকা বুলি ঘোষণা কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়্৷ দুটা বছৰত ৫০ লাখ অমূল্য জীৱন মহামাৰীয়ে কাঢ়ি লোৱা ঘটনা আধুনিক পৃথিৱীৰ বাবে অসহনীয় বুলিও মন্তব্য কৰে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীয়ে৷