নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’লত ১২–ডিজেলত ১৭ টকা হ্রাস

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ দীপাৱলীৰ প্রাক্মুহূর্তত দেশবাসীলৈ সকাহ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ৷ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে ত্রাহি মধুসূদন দেখুওৱা দেশবাসীক সকাহ দি কেন্দ্রীয় চৰকাৰে বৃহস্পতিবাৰৰ পৰা কার্যকৰী হোৱাকৈ প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য ক্রমে ৫ টকা আৰু ১০ টকা হ্রাস কৰিলে৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে অসম চৰকাৰে প্রতি লিটাৰ পেট্র’ল–ডিজেলত ৭ টকাকৈ অতিৰিক্ত ভেট হ্রাস কৰাৰ সিদ্ধান্ত লয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত ঘোষণা কৰে৷

ইয়াৰ ফলত আজিৰে পৰা প্রযোজ্য হোৱাকৈ অসমত প্রতি লিটাৰ পেট্র’লত ১২ টকাকৈ আৰু প্রতি লিটাৰ ডিজেলত ১৭ টকাকৈ হ্রাস পাব৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে প্রতিলিটাৰ পেট্র’লৰ আবকাৰী শুল্ক ৫ টকা আৰু প্রতিলিটাৰ ডিজেলৰ আবকাৰী শুল্ক ১০ টকা হ্রাস কৰাৰ সিদ্ধান্ত লৈছিল৷ উল্লেখ্য যে প্রতিলিটাৰ পেট্র’লত কেন্দ্রীয় চৰকাৰে আবকাৰী শুল্ক ৩২.৯০ টকা আদায় কৰি আহিছে৷ আজি এই শুল্ক ৫ টকা হ্রাস কৰাত প্রতিলিটাৰ পেট্র’লত কেন্দ্রই আবকাৰী শুল্ক পাব ২৬.৯০ টকা৷ উনুকিয়াব পাৰি যে ২০২০ চনৰ ১৪ মার্চত প্রতিলিটাৰ পেট্র’লত আবকাৰী শুল্ক আছিল ২২.৯৮ টকা৷ এই আবকাৰী শুল্ক ২০২১ চনৰ ২ ফেব্রুৱাৰীত ৩২.৯০ টকালৈ বৃদ্ধি কৰে৷ অর্থাৎ বিগত এবছৰত পেট্র’লৰ আবকাৰী শুল্ক ৪৩ শতাংশ বৃদ্ধি কৰা হয়৷

ইপিনে প্রতিলিটাৰ ডিজেলত সম্প্রতি কেন্দ্রীয় চৰকাৰে ৩১.৮০ টকা আদায় কৰি আহিছে৷ ইয়াৰে ১০ টকা আজি হ্রাস কৰাত প্রতিলিটাৰ ডিজেলত আবকাৰী শুল্ক হ’ব ২১.৮০ টকা৷ উনুকিয়াব পাৰি যে ২০২০ চনৰ ১৪ মার্চত প্রতিলিটাৰ ডিজেলত আবকাৰী শুল্ক আছিল ১৮.৮৩ টকা৷ এই আবকাৰী শুল্ক ২০২১ চনৰ ২ ফেব্রুৱাৰীত ৩১.৮০ টকালৈ বৃদ্ধি কৰে৷ অর্থাৎ বিগত এবছৰত প্রতিলিটাৰ ডিজেলৰ আবকাৰী শুল্ক ৬৮.৮ শতাংশ বৃদ্ধি পায়৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য প্রতিদিনেই পইচা পইচাকৈ বৃদ্ধি কৰি আহিছে৷ এই বৃদ্ধিৰ পৰিপ্রেক্ষিতত পেট্র’ল আৰু ডিজেলৰ মূল্যই সর্বকালৰ অভিলেখ ভংগ কৰে৷ দুয়োবিধ ইন্ধনৰ মূল্যবৃদ্ধিয়ে দেশবাসীক মাধমাৰ শোধোৱাৰ পাছতেই কেন্দ্রীয় চৰকাৰে প্রতিলিটাৰ পেট্র’লৰ আবকাৰী শুল্ক ৫ টকা আৰু প্রতিলিটাৰ ডিজেলৰ আবকাৰী শুল্ক ১০ টকা হ্রাস কৰে৷

কেন্দ্রীয় চৰকাৰে পেট্র’ল–ডিজেলৰ আবকাৰী শুল্ক হ্রাস কৰি দেশবাসীক সামান্য সকাহ দিয়াৰ পাছত ৰাজ্য চৰকাৰসমূহকো পেট্র’ল–ডিজেলৰ ওপৰত আৰোপ কৰা ভেট হ্রাস কৰাৰ পৰামর্শ দিছে৷ কেন্দ্রীয় চৰকাৰে পেট্র’ল–ডিজেলৰ আবকাৰী শুল্ক হ্রাস কৰাৰ পাছত আজি প্রতিলিটাৰ পেট্র’লৰ মূল্য ৰাজধানী দিল্লীত ১০৫.৪ টকা, ডিজেলৰ মূল্য ৮৮.৪২ টকা হ’ব৷ তেনেদৰে মুম্বাইত প্রতিলিটাৰ পেট্র’লত ১১০.৮৫ টকা, ডিজেলত ৯৬.৬২ টকা, কলকাতাত পেট্র’লত ১০৫.৪৯ টকা, ডিজেলত ৯১.৫৬ টকা, চেন্নাইত পেট্র’লত ১০১.৬৬ টকা আৰু ডিজেলত ৯২.৫৯ টকা হ’ব৷ অসমৰ গুৱাহাটীত প্রতিলিটাৰ পেট্র’লৰ মূল্য কাইলৈ ৯৪.৪৬ টকা আৰু প্রতিলিটাৰ ডিজেলৰ মূল্য ৮১.৭০ টকা হ’ব৷ গুৰুত্বপূর্ণ যে কেন্দ্রীয় চৰকাৰে আবকাৰী শুল্ক হ্রাস কৰি পেট্র’ল–ডিজেলৰ দাম সামান্য হ্রাস কৰিলেও আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ তাৰতম্যৰ আধাৰত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে মূল্য পুনৰ নির্ধাৰণ কৰি থাকিব৷ এনে ক্ষেত্রত পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিত কেনে প্রভাৱ পৰিব, সেয়া লক্ষণীয় হ’ব৷

You might also like