১৫ নৱেম্বৰত বিবদমান স্থান পৰিদর্শন কৰিব অসম–মেঘালয়ৰ মুখ্যমন্ত্রীয়ে
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে সীমা সংঘাত সম্পূর্ণৰূপে নির্মূল কৰিবলৈ অচিৰেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে যুটীয়াভাৱে পৰিদর্শন কৰিব বিবদমান সীমান্ত অঞ্চল৷ এই উদ্দেশ্যে কালি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই এক দীঘলীয়া টেলিফোনিক বার্তালাপত মিলিত হয়৷ এই আলোচনাকালতে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা দূৰ কৰাৰ ক্ষেত্রত শেহতীয়াকৈ গ্রহণ কৰা পদক্ষেপসমূহ কার্যকৰী কৰাৰ ক্ষেত্রতো দুয়োগৰাকী মুখ্যমন্ত্রীয়ে সহমত পোষণ কৰে৷
উল্লেখ্য যে অসম আৰু মেঘালয়ৰ ৮৮৪.৯ কিলোমিটাৰ বিস্তৃত সীমান্ত এলেকাৰ ১২টা স্থানক লৈ মতবিৰোধ আছে৷ ইয়াৰে ৬টা স্থান ক্রমে তাৰাবাৰী, গিজং, হাহিম, বকলাপাৰা, খানাপাৰা–পিলিংকাটা আৰু ৰাটাচেৰা৷ এই অঞ্চলক চুই যোৱা সীমাৰ সমস্যা তুলনামূলকভাৱে কম জটিল বুলি চিনাক্ত কৰি প্রথম পর্যায়ত এই ৬টা স্থানৰ সীমা নির্ধাৰণ কৰাৰ বাবে দুয়োখন ৰাজ্যই সন্মত হৈছে৷ এই লক্ষ্যৰে ইতিমধ্যে দুয়োখন ৰাজ্যৰ তিনিজনকৈ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন কৰা হৈছে তিনিখনকৈ কমিটী৷ এই কমিটীকেইখনে উভয় পক্ষৰ সীমান্ত অঞ্চলত উপস্থিত হৈ স্থানসমূহ পর্যবেক্ষণ কৰাৰ লগতে সীমান্তবাসীৰ সৈতে আলোচনাতো মিলিত হৈছে৷ ইতিমধ্যে কমিটীসমূহে যোৱা ৩০ অক্টোবৰত সীমান্ত অঞ্চল ভ্রমণৰ বিস্তৃত প্রতিবেদন দাখিল কৰিছে৷
ইফালে কালি অসমৰ মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বার্তালাপৰ পাছতে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দুয়োগৰাকী মুখ্যমন্ত্রীয়ে অহা ১৫ নৱেম্বৰত বিবদমান দুটা অঞ্চল ভ্রমণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে অসম–মেঘালয়ৰ সীমান্ত চিহ্ণিত কৰি নোথোৱাৰ ফলত বিগত দীর্ঘসময় ধৰি দুয়োখন ৰাজ্যই সীমাক লৈ এক সংঘাতত লিপ্ত হৈ আছে৷ বিগত সময়ছোৱাত হাহিম, লাম্পিৰ লগতে কার্বি আংলং জিলাৰো কেইবাস্থানত মেঘালয়ৰ সৈতে অসমৰ সংঘাত সৃষ্টি হৈ আহিছে৷ বছৰ বছৰ ধৰি চলি থকা এই সংঘাত নির্মূলৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশেষভাৱে তৎপৰতা গ্রহণ কৰি মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে আনুষ্ঠানিক আলোচনাত বহিছিল৷ মুখ্যতঃ উক্ত আলোচনাৰ পৰাই সীমা সমস্যা সমাধানৰ বাবে এক ইতিবাচক দিশেৰে আগবাঢ়ি আহিছে চুবুৰীয়া মেঘালয়৷ ১৫ নৱেম্বৰত উভয় ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বিবদমান স্থান পৰিদর্শনৰ পাছতেই সীমা সমস্যাৰ এক সমাধান সূত্র ওলাব বুলিও ধাৰণা কৰা হৈছে৷