নগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ম’বাইল উদ্ধাৰঃ দুজন গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: নগাঁৱৰ হয়বৰগাঁও হাইস্কুলৰ ওচৰত এটা ভাড়া ঘৰৰ পৰা গোপন সূত্ৰৰ পম খেদি হয়বৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এশ চৌত্ৰিশটা চুৰি ম’বাইল ৷ দীৰ্ঘদিনৰ পৰা নগাঁও চহৰৰ ভিন্ন স্থানৰ পৰা বিভিন্ন লোকৰ পৰা থপিয়াই নিয়া ম’বাইল চুৰি কাণ্ডৰ লগত জড়িত আছিল ঝাৰখণ্ডৰ এই দুই গভাইত চোৰ ক্ৰমে ৰাজকুমাৰ ন’নিয়া আৰু ছনু কুমাৰ ন’নিয়া ৷ এই দুই চোৰে দুই কিশোৰ চোৰকো ব্যৱহাৰ কৰিছিল এই চুৰি কাৰ্যত ৷ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা এক অভিযানত আজি পুৱা হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই দুই কুখ্যাত চোৰক ।
লগতে এই দুই চোৰৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমানৰ ম’বাইল ফোনসমূহ। এই সফলতাৰ বাবে হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীক প্ৰসংসাৰে ওপচাই পেলালে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। ইয়াৰ উপৰি বিগত ছমাহৰ ভিতৰত যিসকল লোকৰ ম’বাইল ফোন হেৰাইছে সেই সকলক হয়বৰগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈও আহ্বান জনালে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
ইফালে হয়বৰগাঁও আৰক্ষীয়ে দুই চোৰক কৰায়ত্ব কৰিবলৈ যাওতে এটাচোৰে দুইলাখ টকাৰ উৎকোস দিয়াৰ চেষ্টা চলাইছিল বুলি প্ৰকাশ কৰিলে তৰংগ পাটোৱাৰীয়ে। এই সন্দৰ্ভত জোৰদাৰ হৈছে আৰক্ষীৰ তদন্ত ৷ আৰক্ষীৰ পৰৱৰ্তি তদন্তত পোহৰলৈ আহিব এই দুই কুখ্যাত চোৰৰ লগত আৰু কোন কোন জড়িত আছে ৷
Input: কনক হাজৰিকা, নগাঁও