নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই দুজন কংগ্রেছী বিধায়কৰ আগমন ঘটিব বিজেপিলৈ…কোন কোন?

নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপি–মিত্রজোঁটৰ অভাৱনীয় ফলাফলৰ পাছতেই পুনৰ বিৰোধী কংগ্রেছৰ পৰা দুজনকৈ বিধায়ক শাসকীয় দললৈ অহাৰ প্রস্তুতি আৰম্ভ হৈছে৷ বিজেপিৰ সৈতে প্রত্যক্ষ যোগাযোগ ৰখা এই দুয়োজন বিধায়কক দলত স্থান দিয়াৰ বাবেও ইতিমধ্যে আৰম্ভ হৈছে প্রাৰম্ভিক আলোচনা৷ কার্যতঃ কংগ্রেছ শূন্য কৰাৰ লক্ষ্য লৈ নামি পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই  এই কথা স্পষ্ট কৰিলে৷

উল্লেখ্য যে বিধানসভা নির্বাচনৰ পাছতেই কংগ্রেছৰ দুই বিধায়ক ক্রমে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুর্মীৰ বিজেপিত যোগদানৰ পাছত এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰেও বিজেপিত যোগদান কৰিছিল৷ শেহতীয়াকৈ উপ–নির্বাচনত শাসকীয় দলটোৱে লাভ কৰা ব্যাপক সফলতাৰ পাছত এই তিনিজন বিধায়কৰ দৰে কংগ্রেছৰ আন দুজন বিধায়কেও বিজেপিত যোগদানৰ বাবে আগ্রহ প্রকাশ কৰিছে৷

সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে মাজুলী সমষ্টিৰ লগতে আন দুটা সমষ্টিতো অনুষ্ঠিত হ’ব উপ–নির্বাচন৷ কেইবাজনো বিধায়কে আমাৰ সৈতে যোগাযোগ কৰি আছে৷ কিন্তু সকলোকে দললৈ অনাৰ প্রতি আমি আগ্রহী নহয়৷ দলে বেলেগ দলৰ বিধায়কক অনাৰ বিষয়টো বন্ধ কৰিব বিচাৰিছে৷ কিন্তু দুজন বিধায়কে বিশেষভাৱে লাগি থকা হেতু এই দুজনক লৈ দলৰ মজিয়াত আলোচনা হৈছে৷ কিন্তু সকলো সিদ্ধান্ত ১৬ নৱেম্বৰৰ পাছতহে গ্রহণ কৰা হ’ব৷ এটা কথা নিশ্চিত, মাজুলীৰ লগতে আন দুটা সমষ্টিৰো উপ–নির্বাচন অনুষ্ঠিত হ’ব৷

মন কৰিবলগীয়া যে উপ–নির্বাচনৰ প্রাক্ক্ষণতেই কংগ্রেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদানৰ চর্চা চলিছিল৷ এইক্ষেত্রত উচ্চাৰিত হৈছিল তিতাবৰ সমষ্টিৰ কংগ্রেছ বিধায়ক ভাস্কৰ বৰুৱা, বকোৰ বিধায়িকা নন্দিতা দাস, দুধনৈৰ বিধায়ক যাদৱ স্বর্গীয়াৰী, বৰক্ষেত্রীৰ বিধায়ক দিগন্ত বর্মনৰ নাম৷ কিন্তু যাদৱ স্বর্গীয়াৰী আৰু দিগন্ত বর্মনে ইতিমধ্যে স্পষ্ট কৰি দিছে যে কংগ্রেছ এৰিবলৈ তেওঁলোক সাজু নহয়৷ কিন্তু ইয়াৰ মাজতো কংগ্রেছৰ আন কেইবাজনো বিধায়কক লৈ বিজেপিৰ যে গোপন আলোচনা চলিছে, সেয়া ইতিমধ্যে প্রকাশ পাইছিল৷

এনে অৱস্থাৰ মাজতে চলিত মাহতে দুজন কংগ্রেছী বিধায়কে বিজেপিত যোগদান কৰিব বুলি শাসকীয় দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা ঘোষণাই স্বাভাৱিকতে বিশেষ তাৎপর্য বহন কৰিছে৷ লক্ষণীয়ভাৱে কংগ্রেছী বিধায়ক বিজেপিত যোগদানৰ আঁৰত চৰকাৰখনে কংগ্রেছৰ বিধায়কসকলক ব্লেকমেইলিং কৰা বুলি বিৰোধী দলপতি দেৱব্রত শইকীয়াই মুকলি অভিযোগ কৰিছিল৷

বিৰোধী দলপতিৰ এনে অভিযোগক নস্যাৎ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়– আমি ব্লেকমেইলিং কৰাৰ প্রয়োজন নাই৷ বিজেপিয়ে কৰা ভাল কামৰ অনুধাৱন কৰিয়েই দলৰ প্রতি আকৃষ্ট হৈছে একাংশ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা পাঁচটা মাহত ৰাজ্যখনত উন্নয়নৰ যি ধাৰা আনিবলৈ সক্ষম হৈছে, তাৰ প্রতিহে আকৃষ্ট হৈছে বিৰোধী বিধায়ক৷ বহুতে বিজেপিত যোগদান কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷ কিন্তু আমি যোগদানৰ দুৱাৰ বন্ধ কৰিব খুজিছোঁ, ফুলষ্টপ দিব খুজিছোঁ৷

উল্লেখ্য যে কংগ্রেছৰ দুজনকৈ বিধায়কৰ আগমনৰ কথা স্পষ্ট কৰা ভৱেশ কলিতাই বি টি আৰতো কেইবাজনো এম চি এল এ বিজেপিলৈ অহাৰ আগ্রহ প্রকাশ কৰাৰ কথা জানিবলৈ দিয়ে৷ কিন্তু এই সকলো প্রক্রিয়া অহা ১৬ নৱেম্বৰৰ পাছতহে হ’ব বুলি স্পষ্ট কৰে ভৱেশ কলিতাই৷

You might also like