নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ বৈবাহিক অৱস্থাৰ সর্বাধিক উন্নতি সম্ভৱ৷ এই সময়ছোৱাত শিল্পীসকলৰ প্রাপ্ত সন্মান লাভে আনন্দৰ কাৰকতা৷ কর্মসূত্রত যোগ আছে৷ বিদ্যাত জটিলতা৷ দাম্পত্যত মতানৈক্য৷
বৃষঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ ৰাজহুৱা কর্মত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক৷ শৰীৰ মধ্যম৷
মিথুনঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ দেহ ভাল বুলি ক’ব পাৰি৷ অৱশ্যে সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত বাধা৷
কর্কটঃ চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ অচিন ব্যক্তিৰ পৰামর্শত সংকট মুক্তি৷ বিদ্যাত শুভ৷
সিংহঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সফলতা৷ প্রেমত শুভ৷ নিবনুৱাৰ কর্ম প্রাপ্তিৰ যোগ৷ বিদ্যাত বাধা৷
কন্যাঃ আর্থিক দিশত এই সময়ছোৱাত উন্নতি৷ যোগাযোগত আশাপূর্ণ অগ্রগতি৷ মানসিক অৱস্থা বিশেষ ভালে নাযাব পাৰে৷ প্রেমত শুভ৷
তুলাঃ পৰোপকাৰ কৰিবলৈ যাওঁতে বিপদত পৰাৰ আশংকা বেছি৷ অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব৷ বিদ্যাত অনুকূল৷ গৃহাদিৰ উন্নতিৰ চেষ্টা অব্যাহত থাকিব৷
বৃশ্চিকঃ এই সময়ছোৱাত ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ সন্তানক লৈ চিন্তিত৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷
ধনুঃ আর্থিকত অসুবিধা পাব পাৰে৷ বন্ধু–বান্ধৱবর্গৰ পৰা উপকৃত হ’ব৷ সন্তানৰ সুকীর্তি দেখা যায়৷ প্রেমত বাধা হ’ব পাৰে৷ বিদ্যাত বিশৃংখলতাৰ উদ্ভৱ৷
মকৰঃ সামাজিক কর্মত জড়িতসকলে চাইচিতি চলিব৷ ব্যৱসায়িক দিশত উন্নতি৷ ভাতৃৰ লগত ঘৰুৱা কথাক লৈ মতানৈক্য হ’ব পাৰে৷ বিদ্যাত শুভ৷ প্রেমত আনন্দ৷
কুম্ভঃ এই সময়ছোৱাত আত্মীয় লোকৰ পৰা সাৱধানে থাকিব৷ ব্যৱসায়িক দিশত উন্নতি লাভৰ যোগ দেখা যায়৷ পাৰিবাৰিক দিশত শুভ৷ প্রেমত মধ্যম৷
মীনঃ ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ অৱশ্যে এই সময়ছোৱাত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ বিদ্যাত মনোযোগ দিয়ক৷ প্রেমত শুভ ফল৷

You might also like