নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসহায় ভূপেন বৰাৰ মুখত ওলাল উন্নয়নৰ কথা

প্রসংগঃ বিজেপিলৈ দুই কংগ্রেছী বিধায়ক

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত কংগ্রেছৰ শোচনীয় বিপর্যয়ৰ পাছত পুনৰ দুগৰাকী কংগ্রেছী বিধায়কে বিজেপিত যোগদান কৰিবলৈ সাজু হোৱা ঘটনাই বিৰোধী দল কংগ্রেছত তীব্র জোকাৰণি সৃষ্টি কৰিছে৷ শনিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মাজুলীৰ উপ–নির্বাচনৰ লগতে আৰু দুটা সমষ্টিত উপ–নির্বাচন হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰাৰ লগতে বিৰোধীৰ দুগৰাকী বিধায়কে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰাৰ পাছতেই কংগ্রেছৰ বিধায়কসকলৰ মাজত ইজনৰ প্রতি সিজনৰ সন্দেহ ঘনীভূত হৈছে৷

মূলতঃ ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই স্পষ্টকৈ কংগ্রেছৰ কোন বিধায়ক বিজেপিলৈ আহি আছে, সেই বিষয়ে প্রকাশ নকৰা বাবেই ইজনৰ প্রতি সিজনৰ সন্দেহ–বিশ্বাসৰ বাতাৱৰণ গঢ় লৈ উঠিছে৷ পূর্বতে অজন্তা নেওগ, ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোহাঁই আদিয়েও বিজেপিত যোগদান নকৰে বুলি দলীয় নেতৃত্বক বহুবাৰ কোৱাৰ পাছতো শেষমুহূর্তত গেৰুৱা বসন পৰিধান কৰাৰ পৰিপ্রেক্ষিততে কংগ্রেছৰ বিধায়কসকলৰ মাজত ইজনৰ প্রতি সিজনৰ বিশ্বাসযোগ্যতা নোহোৱাৰ পৰিৱেশ সৃষ্টি হৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰায়ো ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ কালিৰ ভাষ্য নস্যাৎ কৰাৰ পৰিৱর্তে অতি অসহায়ভাৱে আৰু কংগ্রেছ বিধায়ক বিজেপিলৈ আহিব বুলি কৈ বিজেপি চৰকাৰে অদৰকাৰী–লাগতিয়া কামত লাগি আছে বুলি  মন্তব্য কৰে৷

প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে বিজেপিয়ে ৰাজনৈতিক পৰিৱেশ কলুষিত কৰি নাথাকি ৰাজ্যৰ উন্নয়নৰ স্বার্থত কাম কৰক৷ কংগ্রেছ দলৰ ভিতৰৰ কথাত তেওঁলোক মাত মতাৰ পৰা বিৰত থাকি আমাৰ দল আমাৰ মতে চলিবলৈ দিয়ক৷ মুখ্যমন্ত্রীয়ে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহ ৰূপায়ণ কৰাৰ লগতে ৰাজ্যখনৰ সমস্যাসমূহ সমাধানত গুৰুত্ব দিয়ক৷ সভাপতি বৰাই আৰু কয় যে কংগ্রেছৰ পৰা আৰু বিধায়ক বিজেপিলৈ আহিব বুলি কৈ বিজেপিয়ে কংগ্রেছৰ বিধায়কসকলক মানসিকভাৱে হাৰাশাস্তি কৰিছে৷ বিধায়কসকলক লোকচক্ষুত হেয় প্রতিপন্ন কৰাৰ কিয় ষড়যন্ত্র কৰিছে বুলিও প্রশ্ণ কৰি আগেয়ে বিজেপিৰ এনে চিন্তাচর্চা দেখা নাছিলোঁ বুলি মন্তব্য কৰে৷

ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি সংবাদ মাধ্যমৰ আগত কয় যে কংগ্রেছৰ দুজন বিধায়ক বিজেপিলৈ আহিব বুলি কৈছোঁ, আহিবই৷ কোন সমষ্টিৰ, সেই কথা এতিয়াই ক’ব খোজা নাই৷ সময়ত সকলো গম পাব৷ সেই বিধায়ক উজনি অসম, নামনি অসম বা পাহাৰ–পর্বতৰো হ’ব পাৰে৷ মাজুলীকে ধৰি আৰু দুটা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷

প্রদেশ কংগ্রেছৰ সভাপতিয়ে বিজেপি চৰকাৰখনক উন্নয়নমূলক কাম–কাজত গুৰুত্ব দিবলৈ জনোৱা আহ্বানৰ উত্তৰ দি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে অসমত আজি সংস্কাৰমুখী যাত্রা আৰু বিৰামহীন প্রগতি আৰম্ভ হৈছে৷ ৰাইজে বিজেপিক জনাদেশ দিছে আৰু তাৰ ওপৰত ভিত্তি কৰি চৰকাৰে কাম–কাজ কৰি যাব৷ ভূপেন বৰাই কি কৈছে, তাৰ প্রতি বিজেপিয়ে লক্ষ্য কৰা নাই৷ বর্তমান ভূপেন বৰা হতাশাগ্রস্ত হৈছে আৰু তাৰ বাবেই ক’ত কি কৈছে ঠিক নাই৷ সেইদৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাসে কয় যে বিজেপি দলে কোনো কংগ্রেছ বিধায়কক ব্লেকমেইলিং কৰি বা হেঁচা প্রদান কৰি দলত যোগদান কৰোৱা নাই৷ ৰূপজ্যোতি কুর্মী চাৰিবাৰৰ বিধায়ক আছিল, সুশান্ত বৰগোহাঁই কংগ্রেছৰ ৰাষ্ট্রীয় পর্যায়ৰ নেতা আছিল৷ তেওঁলোকক ব্লেকমেইলিং কৰিবলৈ কি আছে? তেওঁলোকৰ নিজৰ জ্ঞান, বিবেক–বুদ্ধি আছে৷ নির্বাচনতো তেওঁলোকে জয়লাভ কৰিছে৷ তেওঁ আৰু কয় যে বিধায়কসকলৰ মুখ্যমন্ত্রীৰ সৈতে যোগাযোগ থাকেই৷ বিধায়কক কোনেও প্রৰোচিত কৰিব নোৱাৰে৷ বিজেপিয়ে কোনো বিধায়ককে তেওঁলোকৰ দলত যোগদানৰ বাবে হেঁচা প্রয়োগ কৰা নাই৷

উন্নয়নৰ স্বার্থত কোনোবাই স্বেচ্ছাই বিজেপিলৈ আহিলে তেওঁলোকক দলে আদৰি ল’ব৷ ৰাজনৈতিক ক্ষেত্রত কেনেকৈ কাম কৰে, সেই বিষয়ে বিধায়কসকলে নিজেই ভাবিব৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যখনৰ উন্নয়নত চৰকাৰক গুৰুত্ব দিবলৈ জনোৱা আহ্বানৰ প্রত্যুত্তৰ দি দাসে কয় যে নিবনুৱা সমস্যা সমাধান, অসমক দেশৰ ভিতৰতে শীর্ষ ৰাজ্য কৰাৰ দায়িত্ব মুখ্যমন্ত্রীৰ৷ তাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রথমে প্রশাসনীয় সংস্কাৰৰ কাম আৰম্ভ কৰিছে৷ এইক্ষেত্রত ভূপেন বৰাই পৰামর্শ দিয়াৰ প্রয়োজন নাই৷ ভূপেন বৰা কংগ্রেছৰ সর্বমান্য নেতা নহয় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইপিনে বিজেপি নেতা দিপ্লুৰঞ্জন শর্মাই কয় যে বর্তমান কংগ্রেছৰ খিলঞ্জীয়াসকল অৱনমিত হৈ আছে৷ কংগ্রেছত বাংলাদেশী মুছলমান লবী সাংঘাতিক হৈছে৷ খিলঞ্জীয়া থাকিব নোৱাৰা হৈছে৷ আজিৰ তাৰিখত কোনো বিবেকৱান খিলঞ্জীয়া কংগ্রেছত থাকিব নোৱাৰে৷ সেয়ে খিলঞ্জীয়াৰ কংগ্রেছ দলটোৰ প্রতি মোহভংগ ঘটিছে৷ ইয়াৰ বিপৰীতে বিজেপিৰ জনপ্রিয়তা বৃদ্ধি পাইছে৷
২জি স্পেকট্রাম  ভুৱা অভিযোগৰ বাবে ক্ষমা বিচাৰিলে বিনোদ ৰাইয়ে  প্রধানমন্ত্রীকো জনসাধাৰণৰ ওচৰত ক্ষমা খোজাৰ দাবী কংগ্রেছৰ
ড০ মনমোহন সিং নেতৃত্বাধীন ইউ পি এ–২ চৰকাৰৰ ভাবমূর্তি ম্লান কৰিবলৈ সেই সময়ত চৰকাৰখনৰ বিৰুদ্ধে ষড়যন্ত্রমূলকভাৱে ২জি স্পেকট্রাম কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰা হৈছিল৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত এ আই চি চিৰ মুখপাত্র অধ্যাপক গৌৰৱ বল্লভে সেই মন্তব্য কৰি কয় যে যোৱা ২৮ অক্টোবৰত সেই সময়ৰ মহাগাণনিক (কেগ) বিনোদ ৰাইয়ে এক শপতনামাযোগে সঞ্জয় নিৰুপমৰ ওচৰত নিঃচর্ত ক্ষমা প্রার্থনা বিচাৰিছে৷ এই ঘটনাই প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙক ২জি স্পেকট্রাম কেলেংকাৰিত যে ষড়যন্ত্রমূলকভাৱে জড়িত কৰিব বিচাৰিছিল, সেয়া ওলাই পৰিছে৷ সেই সময়ৰ কেগ বিনোদ ৰাইয়ে যে প্রৰোচনাকাৰীৰ এজেণ্ট হিচাপে কাম কৰি ১.৭৬ লাখ কোটি টকা লোকচান হোৱাৰ অতিৰঞ্জিত প্রতিবেদন দিছিল, সেয়াও স্পষ্ট হৈছে৷

আনকি কেগৰ অডিট, পোষ্ট এণ্ড টেলিকমিউনিকেচনৰ সঞ্চালকপ্রধান আৰ পি সিঙে যুটীয়া সংসদীয় কমিটী (জে পি চি)ৰ আগত ২জি স্পেকট্রামত কোনো লোকচান হোৱা নাই বুলি দিয়া প্রতিবেদন যেতিয়া কেগৰ মুখ্য কার্যালয়লৈ প্রেৰণ কৰা হৈছিল, তেতিয়া বিনোদ ৰাইয়ে সেইসমূহ সালসলনি কৰিছিল৷ সেই ঘটনা আৰু অপপ্রচাৰত জেনেৰেল ভি কে সিং, কিৰণ বেদী, বাবা ৰামদেৱ, আন্না হাজাৰে, অৰবিন্দ কেজৰিৱাল জড়িত হৈ পৰিছিল বুলি তেওঁ অভিযোগ কৰি কয় যে তেওঁলোকৰ মূল উদ্দেশ্য আছিল নৰেন্দ্র মোদীৰ নেতৃত্বত যেনে–তেনে বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰা৷ তাৰ বাবেই পৰৱর্তী পর্যায়ত বিনোদ ৰাইক কেন্দ্রীয় ৰাজ্যিক মন্ত্রীৰ পদমর্যাদাৰে বেংক ৰিক্রুইটমেণ্ট ব’ডৰ অধ্যক্ষ, জেনেৰেল ভি কে সিঙক যোৱা ৭ বছৰ ধৰি কেন্দ্রীয় মন্ত্রী, কিৰণ বেদীক পডুচেৰীৰ উপ–ৰাজ্যপাল, ৰামদেৱক বিভিন্ন ৰাজ্যত ৰেহাই মূল্যত মাটি প্রদান কৰি এজন বৃহৎ ব্যৱসায়ীত পৰিণত কৰে৷ আন্না হাজাৰেই মোদী চৰকাৰৰ বিভিন্ন দুর্নীতি সন্দর্ভত নীৰৱতা অৱলম্বন কৰে৷ অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্রী হ’ল৷ সংবাদ মেলখনত এ আই চি চিৰ মুখপাত্র বল্লভে কয় যে তদানীন্তন কেগ বিনোদ ৰাইৰ প্রতিবেদনৰ ভিত্তিত চি বি আয়ে ২০১৭ চনৰ ২১ ডিচেম্বৰত দিয়া ১৫২২ পৃষ্ঠাজোৰা ৰায়ত অভিযুক্তৰ বিৰুদ্ধে দোষ সাব্যস্ত কৰিব পৰাকৈ কোনো প্রমাণ নাই বুলিও উল্লেখ কৰে৷ সেয়ে তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিনোদ ৰাই আৰু সেই ষড়যন্ত্রৰ সৈতে জড়িত সকলোকে দেশবাসীৰ ওচৰত নিঃচর্ত ক্ষমা প্রার্থনা বিচৰাৰ আহ্বান জনায়৷

You might also like