নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মাছমৰীয়াক গুলীয়াই হত্যা পাক নৌ সেনাৰ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ মহাৰাষ্ট্রৰ এজন মাছমৰীয়াক গুজৰাটৰ উপকূলত গুলীয়াই হত্যা কৰিছে পাক নৌসেনাই৷ পাকিস্তান মেৰিটাইম ছিকিউৰিটী এজেঞ্চী (পিএমএছএ)য়ে আন্তর্জাতিক জলসীমাৰ ওচৰত এই মাছমৰীয়াজনক গুলীয়াই হত্যা কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ আৰব সাগৰৰ গুজৰাটৰ উপকূলত পাক নৌসেনাৰ গুলীত মাছমৰীয়াজনৰ নাৱত থকা অন্য এজন লোক গুৰুতৰভাৱে আহত হৈছে৷ ভাৰতীয় উপকূলৰক্ষীৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰা হৈছে৷ উল্লেখনীয় যে নাওখনত মুঠ ৭গৰাকী লোক আছিল৷ কালি বিয়লি এই ঘটনা সংঘটিত হোৱা বুলি উপকূলৰক্ষীয়ে সংবাদ সংস্থা পি টি আইক জনাইছে৷ মাছমৰীয়াজন মহাৰাষ্ট্রৰ থানে জিলাৰ বুলি নিশ্চিত কৰা হৈছে৷ জলপৰী নামৰ নাও এখনেৰে সমুদ্রত মৎস্য চিকাৰ কৰিবলৈ গৈছিল এই সাতজন লোক৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত এক গোচৰ ৰুজু কৰিছে উপকূলৰক্ষীয়ে৷

You might also like