গৰুখুটি কৃষি প্ৰকল্পত জলসিঞ্চন আচঁনি শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ৮নৱেম্বৰ:ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পক সামৰি লোৱা হ’ল জলসিঞ্চন আচনিৰে।এশটা সৌৰ চালিত অগভীৰ নলীনাদেৰে গৰুখুটি কৃষি প্ৰকল্পৰ বাবে প্ৰয়োজনীয় পানীৰ ব্যৱস্থা কৰা হব ।আজি এক মাংগলিক পৰিবেশৰ মাজত কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত ৩নং ধলপুৰৰ মলুৱা চৰত শুভাৰম্ভ কৰে জলসিঞ্চন আচনিৰ।
আচঁনিৰ শুভাৰম্ভ কৰি পদ্ম হাজৰিকাই জলসিঞ্চন আচনি স্হাপন হোৱাৰ পিছত কৃষি প্ৰকল্পৰ কাম কাজ আৰু অধিক ত্বৰান্বিত হোৱাৰ আশা প্ৰকাশ কৰে।বিশেষকৈ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি সপোন লৈ গৰুখুটি প্ৰকল্প ঘোষণা কৰিছিল সেয়া সঠিকদিশত আগবঢ়াত জলসিঞ্চন বিভাগৰ আচনিয়ে যথেষ্ট খিনা উপকৃত কৰিববুলিও প্ৰকাশ কৰে।আনহাতে কৃষি সমিতিৰ সদস্য তথা ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়েও আগন্তুক দুই-তিনিমাহৰ ভিতৰত ৰাইজে এখন অইন ছবি দেখিবলৈ পাব বুলি প্ৰকাশ কৰে।জলসিঞ্চন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীয়ে অংশ লয় আজিৰ কাৰ্যসূচীত।
উল্লেখযোগ্য যে গৰুখুটি কৃষি প্ৰকল্পত ইতিমধ্যে বিভিন্ন শাক-পাচলি আৰু মাহ জাতীয় শষ্যৰ খেতি আৰম্ভ কৰা হৈছে যদিও পানীৰ অভাবৰ বাবে বহু সময়ত অসুবিধাৰ সৃষ্টি হৈ আহিছিল।এনে পৰি জলসিঞ্চন বিভাগে স্হাপন কৰা সৌৰশক্তি চালিত অগভীৰ নলীনাদ আচনিৰ জৰিয়তে অধিক ফলপ্ৰসু হ’ব কৃষি আচনি।
উল্লেখযোগ্য যে প্ৰাৰম্ভিক অৱস্হাত কেৱল গৰুখুটি কৃষি প্ৰকল্পত স্হাপন কৰা হ’ব ১০০টা এনে সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পৰ।মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ এই গৰুখুটি কৃষি প্ৰকল্পক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যেন আজিৰ এই সংযোজনে আন এটা খোজ আগবঢ়ালে।