২৪ বছৰৰ মূৰত পাকিস্তানলৈ যাব অষ্ট্রেলিয়া
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ সুদীর্ঘ ২৪ বছৰৰ পিছত পাকিস্তান ভ্রমণ কৰিব অষ্ট্রেলিয়া ক্রিকেট দলে৷ ১৯৯৮ চনত অন্তিমবাৰৰ বাবে পাকিস্তান ভ্রমণ কৰা অষ্ট্রেলিয়া দলটোৱে অহা বর্ষত তিনিখন টেষ্ট, তিনিখন এদিনীয়া আৰু এখন টি–২০ মেচত অংশগ্রহণ কৰাৰ উদ্দেশ্যে পাকিস্তান ভ্রমণ কৰিব৷ পাকিস্তান ক্রিকেট ব’র্ডে অষ্ট্রেলিয়া আৰু ঘৰুৱা দলটোৰ মাজত অনুষ্ঠিত হ’বলগীয়া পূর্ণাংগ শৃংখলাটোৰ সূচী ঘোষণা কৰিছে৷
দুয়ো দেশৰ মাজৰ টেষ্ট শৃংখলাটো অহা বর্ষৰ ৩ মার্চৰ পৰা আৰম্ভ হ’ব৷ প্রথমখন টেষ্ট ৩–৭ মার্চত কৰাচীত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন টেষ্ট ১২–১৬ মার্চত ৰাৱালপিণ্ডিত আৰু তৃতীয় তথা অন্তিমখন টেষ্ট ২১–২৫ মার্চত লাহোৰত অনুষ্ঠিত হ’ব৷
ইফালে, তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ২৯ মার্চৰ পৰা খেলোৱা হ’ব৷ দ্বিতীয় আৰু তৃতীয় এদিনীয়া মেচখন ক্রমে ৩১ মার্চ আৰু ২ এপ্রিলত অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে এদিনীয়া শৃংখলাটোৰ আটাইকেইখন মেচ লাহোৰত খেলোৱা হ’ব৷ আনহাতে, একমাত্র টি–২০ মেচখন ৫ এপ্রিলত লাহোৰতে খেলোৱা হ’ব৷
উল্লেখ্য যে ৩খন টি–২০ আৰু সমসংখ্যক এদিনীয়া মেচত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজেও অহাবর্ষৰ ডিচেম্বৰত পাকিস্তান ভ্রমণ কৰাৰ কথা আছে৷ উল্লেখ্য যে মার্ক টেইলৰ নেতৃত্বাধীন অষ্ট্রেলিয়াই ১৯৯৮–৯৯ চনত অন্তিমবাৰৰ বাবে পাকিস্তান ভ্রমণ কৰিছিল৷