নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰ পৰিয়ালৰ সন্তান ডিম্পল কলিতাৰ সাফল্য; এন‌আইটিত আসন লাভ

ধনৰ অভাৱত নামভৰ্তিক লৈ সমস্যা , সহায়ৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৯ নবেম্বৰ: জুয়ে পোৰা সোন হৈ জিলিকিছে ৰঙিয়াৰ বিছেন্নালাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান ডিম্পল কলিতা। মেধাৱী ছাত্ৰজনে সৰ্ব ভাৰতীয় পৰ্যায়ৰ ‘জেইই’ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ এন‌আইটত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু দৰিদ্ৰতাৰ বাবে আনন্দৰ মাজতে গভীৰ সংকটত পৰিছে আৰ্থিক দীনতাৰে পিষ্ট পৰিয়ালটো।

কিয়নো এন‌আইটিত নামভৰ্তি কৰিবলৈ নাই প্ৰয়োজনীয় ধন । ডিম্পলৰ পিতৃ মদন কলিতা বিদ্যুৎ বিভাগৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। কোনোমতে পৰিয়াল পোহপাল দি থকা কলিতাই সন্তানৰ এনে সাফল্যত গৌৰৱান্বিত যদিও এন‌আইটিত নামভৰ্তি কৰাৰ লগতে লেপটপ আদিকে ধৰি শৈক্ষিক সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিব নোৱাৰাত চিন্তিত হৈ পৰিছে।

ইতিমধ্যে ডিম্পলক উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পঢ়োৱাৰ নামত পৰিয়ালটো সৰ্বস্বান্ত হৈ পৰিছে। মেধা ছাত্ৰজনে এন‌আইটিত আসন লাভ কৰি দৰিদ্ৰ পৰিয়ালটোলৈ গৌৰৱ কঢ়িয়াই আনিছে যদিও সম্প্ৰতি আৰ্থিক অভাৱৰ বাবে সমস্যাত পৰিছে। এইক্ষেত্ৰত কোনো সুহৃদ ব্যক্তি অথবা দল-সংগঠনে আৰ্থিক সহযোগিতা আগবঢ়াব বিচাৰিলে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ 3855443121 নম্বৰ একাউণ্ট (Ifsc code:- CBIN0283593) ত ধন জমা দিব পাৰে অথবা 8486325816 নম্বৰত যোগাযোগ কৰিব পাৰে। আৰ্থিক সহযোগিতাই ডিম্পলক শৈক্ষিক দিশত আগুৱাই নিয়াত সহায়ক হব বুলি পৰিয়ালটোৱে আশা প্ৰকাশ কৰে ।

input:ফাৰুক হুছেইন , ৰঙিয়া

You might also like