নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ দুৰ্ঘটনাত স্কুলীয়া ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি জাগুনত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদেৰে ৰাজপথ উত্তাল

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰিল জাগুনৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানা আৰু জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে । ঘটনাৰ বিৱৰণ অনুযায়ী মঙ্গলবাৰে জাগুন ৰামপুৰত সংঘটিত হৈছিল এক ভয়াবহ পথ দুৰ্ঘটনা। এখন দ্ৰুত বেগী স্কৰপিও বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হৈছিল বিশাল নায়ক উৰফে সুমন নায়ক নামৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ। দুৰ্ঘটনাত পতিত হোৱা ছাত্ৰ জনক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰজনে কৰুণ মৃত্যুক আঁকোৱালি লব লগা হয়।

উক্ত খবৰে সমগ্ৰ অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ছাত্ৰ জনৰ অকাল মৃত্যুত ক্ষোভিত হৈ আজি আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকীক আটক কৰাৰ দাবী জনোৱাৰ লগতে মৃত ছাত্ৰ জনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীৰে কেইবা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ দোষীক আটক কৰাৰ আশ্বাস প্ৰদান কৰাত পথ অৱৰোধ কৰ্য্যসূচী উঠাই লয় যদিও ২৪ ঘণ্টাৰ ভিতৰত যদি আৰক্ষীয়ে কোনো ধৰণৰ উচ্চিত পদক্ষেপ গ্ৰহণ নকৰে তেনেস্থলত পৰবৰ্তী সময়ত পুনৰ পথ অৱৰোধৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰতিবাদী জনতাই সকীয়নী প্ৰদান কৰে।

লগতে সদা ব্যস্ত জাগুন ৰামপুৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত দুখনকৈ বিদ্যালয় আৰু যুৱ সংঘৰ কাৰ্য্যালয় থকাৰ বাবে বিগত সময়ত কেইবাবাৰো পথ দুৰ্ঘটনাৰ ফলত কেইবাজনো পথচাৰিৰ মৃত্যু মুখত পৰাৰ উদাহৰণ নথকা নহয়। এই ক্ষেত্ৰত স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠন কেইটাই অতি শীঘ্ৰে উক্ত স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গতিৰোধক দিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়। সপ্তম শ্ৰেণীৰ ছাত্ৰ বিশাল নায়কৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে। আজিৰ প্ৰতিবাদৰ ফলত অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চলটোত দীৰ্ঘ সময় ধৰি যানজঁ‌টৰ সৃষ্টি হয়।

input: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like