নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীৰ আচলপাৰা-বাঘমাৰাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক ৰেকিবুদ্দিন আহমেদৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ পূৱ ছমৰীয়া মৌজাৰ এলেকাধীন আচলপাৰা, বাঘমাৰা, বৰাখাট অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই সম্প্ৰতি লৈছে কালৰূপ । ইতিমধ্যে প্ৰায় দুই কিলোমিটাৰ এলেকাজুৰি চলি থকা এই খহনীয়াৰ কবলত পৰি ব্ৰক্ষপুত্ৰৰ বুকুত জাহ গৈছে শ-শ বিঘা শস্য- শ্যমলা কৃষি পথাৰৰ লগতে অনেক পৰিয়ালৰ বাসগৃহ আৰু বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান ৷ এনে পৰিস্থিতিত আজি ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে জল সম্পদ আৰু লোক নিৰ্মান বিভাগৰ অভিযন্তাৰ সৈতে পৰিদৰ্শন কৰে গৰৈমাৰীৰ আচলপাৰা- বাঘমাৰা আৰু বৰাখাটৰ গৰাখহনীয়া পীড়িত অঞ্চল ৷

বিধায়কগৰাকীয়ে জল সম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৰা সহকাৰী কাৰ্যবাহী অভিযন্তা স্বাহিদ উদ জামান, লোক নিৰ্মান বিভাগ( পথ)ৰ দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিস্বাস, কণিষ্ঠ অভিযন্তা মীৰ হুছেইন, অসম প্ৰদেশ  যপৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰমূখ্য কৰি  বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীবৃন্দৰ সৈতে এই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি  খহনীয়াত  সৰ্বস্বান্ত হৈ পৰা লোকসকলৰো পৰিস্থিতিৰ বুজ লয় ।

এই পৰিভ্ৰমন কালত বিধায়ক ৰেকিবুদ্দিন আহমেদে এই বৰাখাট-আচলপাৰাৰ এই খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে প্ৰায় ২৪ কোটি ‍৭ লাখ টকাৰ কামৰ আঁচনি প্ৰস্তুত কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰি শীঘ্ৰেই এই কামৰ অনুমোদন আৰু কাৰ্যকৰী ব্যৱস্থা হৈ উঠিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷

প্ৰেৰকঃ কামাৰুজ জামান/বকো

You might also like