নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ উদংঃ মুম্বাইলৈ উৰিল বিজেপিৰ মন্ত্রী–বিধায়ক

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ সুশাসন তথা বিধায়কৰ দায়িত্ব–কর্তব্য কি হ’ব, তাৰ প্রশিক্ষণ ল’ব লাগিব বিজেপিৰ প্রতিগৰাকী বিধায়কে৷ কিদৰে বিধায়ক পুঁজি ব্যৱহাৰ কৰিব, সাধাৰণ ৰাইজৰ ওচৰ চপাৰ বাবে কি ধৰণৰ পদক্ষেপ ল’ব আৰু দলৰ আদর্শ–নীতিক কিদৰে অনুকৰণ কৰিব, সেই সম্পর্কে বিজেপিৰ প্রতিগৰাকী বিধায়ককে ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ তিনিদিনীয়াকৈ প্রদান কৰা হ’ব প্রশিক্ষণ৷ মুম্বাইৰ ৰামভাও মহলি প্রবোধিনীত অনুষ্ঠিত হ’ব লগা এই প্রশিক্ষণ শিবিৰৰ বাবে ইতিমধ্যে উদং হৈ পৰিছে ৰাজধানী দিছপুৰ৷

ৰাজ্যিক বিজেপিৰ প্রতিগৰাকী বিধায়ক আৰু মন্ত্রী ইতিমধ্যে উপস্থিত হৈছে মুম্বাইত৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি তিনিদিনীয়াকৈ হ’ব লগা এই প্রশিক্ষণ কার্যসূচীত প্রতিখন ৰাজ্যৰ বিজেপি বিধায়কৰ লগতে প্রদেশ বিজেপিৰ শীর্ষ নেতৃত্ব উপস্থিত থাকিব৷ কার্যতঃ এই তিনি দিনত দেশৰ ১,৪০০গৰাকী বিজেপি বিধায়কক দলৰ আদর্শ–নীতি সম্পর্কত দিয়া হ’ব বিস্তৃত প্রশিক্ষণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, দলৰ সাংগঠনিক সম্পাদক বি এল সন্তোষৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিবলগীয়া এই প্রশিক্ষণ শিবিৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

যোৱা তিনি দিন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্রী ড০ শর্মাই বৃহস্পতিবাৰে মুম্বাই অভিমুখে ৰাওনা হৈছে৷ একেদৰে ৰাজ্যিক বিজেপিৰ একাংশ নেতৃত্বৰ লগতে বৃহস্পতিবাৰে কেইবাজনো মন্ত্রী–বিধায়কে বিশেষ বিমানযোগে বিয়লিৰ ভাগত উপস্থিত হৈছে মুম্বাইত৷ তিনিদিনীয়া এই প্রশিক্ষণ কার্যসূচীত সকলো মন্ত্রী–বিধায়কৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে দলে দিয়া বিশেষ নির্দেশৰ পাছতেই অহা তিনি দিনলৈ সম্পূর্ণ উদং হৈ থাকিব দিছপুৰ৷ সচিবালয় তথা ৰাজধানীত প্রত্যক্ষ নহ’ব এগৰাকীও মন্ত্রী অথবা বিধায়কক৷

You might also like