নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্ৰত নৰ্তন কলা নিকেতনৰ সত্ৰীয়া নৃত্য সম্ভাৰ ২০২১

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ নৰ্তন কলা নিকেতনৰ সত্ৰীয়া নৃত্য সম্ভাৰ ২০২১, “নৰ্তন কলা নিকেতন” অসমৰ শাস্ত্ৰীয় নৃত্যৰ জগতৰ এটি পৰিচিত নাম। ১৯৮৭ চনতে গুৱাহাটীৰ জাপৰিগোগ কৃষ্ণ নগৰত স্থাপন হৈছিল নৰ্তন কলা নিকেতনৰ। সত্ৰীয়া নৃত্যৰ বিজ্ঞান সম্মত প্ৰশিক্ষণ প্ৰদান কৰি এই নৃত্য ধাৰাক বিশেষ গতিশক্তি প্ৰদান কৰি বহুতো নৃত্য শিল্পীৰ জন্ম দিছে নৰ্তন কলা নিকেতনে। যিখন শিক্ষানুষ্ঠানত বিদেশী ৰাষ্ট্ৰৰ শিল্পীয়েও সত্ৰীয়া নৃত্যৰ শিক্ষাগ্ৰহণ কৰিছে, যথা আমেৰিকা যুক্তৰাষ্ট্ৰ,জাপান, বেলাৰুচ আদি।কৰোণা মহামাৰীৰ সংকতময় সময়তো নিকেতনৰ দুই গুৰু ক্ৰমে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ আৰু লগতে নৃত্য পটিয়সী ৰুমী তালুকদাৰে ১০ নৱেম্বৰ তাৰিখে আবেলি ৫ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুঘণ্টা যোৰা এটি সুন্দৰ নৃত্যৰ অনুষ্ঠান অসমৰ ৰাইজক উপহাৰ দিয়ে।

বহু কেইগৰাকী বিশিষ্ট অতিথি ক্ৰমে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা সেন বৰুৱা, ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সচিব পবিত্ৰ মাৰ্ঘেৰিটা, দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক অতুল মাধৱ গোস্বামী, সাংবাদিক অতুল দত্ত, সত্ৰীয়া শিল্পী গোবিন্দ মহন্তকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।পায় ৬০ জনশিক্ষাৰ্থীয়ে মুঠ ১৩টা বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে।তাৰ ভিতৰত, অভিমন্যু বধ,গগনে গৰজে ঘন, বৰগীতৰ অভিনয়, কৃষ্ণ নৃত্য, কৃষ্ণ বন্দনা, ভোৰতাল, হোলি,তাৰণা ৰজাঘৰীয়া চালি, শুদ্ধচালি, আদিৰ প্ৰদৰ্শন আছিল অতি উচ্চ মানদণ্ডৰ। গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী তালুকদাৰে সত্ৰীয়া নৃত্যত সদায় নতুনৰ সন্ধান দি আহিছে। এই বেলিও সত্ৰীয়া নৃত্যৰ আংগিকেৰে তাৰণা নামৰ আন এটি নৃত্যৰ নৱতম সংযোগেৰে দৰ্শক, ৰাইজৰ পৰা জাউৰীয়ে জাউৰীয়ে কৰ তালি লবলৈ সক্ষম হয়।

নৃত্য পটিয়সী নূপুৰ তালুকদাৰে একক ভাৱে প্ৰদৰ্শন কৰা এই নৃত্যত বৰ গীতত ব্যৱহাৰ কৰা ৰাগৰ বহুতো আংগিক ব্যৱহাৰ কৰে ৰামকৃষ্ণ তালুকদাৰে। নৃত্য শিল্পী গুঞ্জন তালুকদাৰ আৰু চৱনম বৰ গয়াৰীয়েও প্ৰদৰ্শন কৰা বন্দনা নৃত্যৰ সুন্দৰ সাৱলীল গতিত দৰ্শকগণ মুগ্ধ হৈ পৰে। বিশেষ কাৰ্য সূচী হিচাপে প্ৰতিপন্ন হয় অংগৰাগ পাপন মহন্তৰ কণ্ঠত “গগনে গৰজে ঘন”বৰগীতত অভিনয় কৰা দুই শিল্পী ক্ৰমে আস্থা গোস্বামী আৰু নিষ্ঠা বৰ্মণ ৰ নৃত্যৰ অনুষ্ঠান।

You might also like