বিজনীৰ আৱাসিক অঞ্চলত পাঁচ শতাধিক গেছৰ চিলেণ্ডাৰ প্ৰশাসনে জব্দ কৰাৰ পিছত তদন্তৰ দাবী দল সংগঠনৰ
নিয়মীয়া বাৰ্তা,১২নৱেম্বৰ: চিৰাঙৰ বিজনীস্থিত আশা এইচ পি গেছ এজেঞ্চিত অনিয়মৰ অভিযোগ ৷ আৱাসিক এলেকাত গেছ এজেঞ্চিটোৰ পাঁচ শতাধিক চিলেণ্ডাৰ উদ্ধাৰ হোৱাৰ পিছত আছুকে ধৰি দল – সংগঠনসমুহে দাবী উত্থাপন কৰে ৷ যোৱা ১ নৱেম্বৰত বিজনীৰ সুদেমপুৰী ৰেচিডেনচিয়েল স্কুলত আৰক্ষী আৰু যোগান বিভাগৰ দলে অভিযান চলাই ৫৪৩ টা খালী চিলেণ্ডাৰ জব্দ কৰে ৷ গেছ এজেঞ্চিটোৱে অবৈধভাৱে চিলেণ্ডাৰ মজুত কৰি ৰখাৰ ঘটনা পোহৰলৈ অহাত সৰ্ৱত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নথি পত্ৰত হিচাপ নথকা এইসমুহ চিলেণ্ডাৰ প্ৰশাসনে ধৰা পেলোৱাৰ ফলত গেছ এজেঞ্চিটোত দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে খাদ্য আৰু যোগান বিভাগৰ ফালৰ পৰা খালী চিলেণ্ডাৰসমুহ বিভাগীয় অনমতি অবিহনে স্কুলখনৰ কোঠাত মজুত ৰখা বুলি জানিব দি এই সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি জানিব দিছে যোগান বিভাগৰ বিষয়াই ।
ইফালে গেছ এজেঞ্চিলটোৰ মেনেজাৰে স্কুলৰ কোঠাত উদ্ধাৰ হোৱা চিলেণ্ডাৰসমুহৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি স্বত্বাধিকাৰী সমেশ্বৰ ব্ৰহ্মহে ইয়াৰ সৱিশেষ জ্ঞাত বুলি জানিব দিয়ে ৷
আনহাতে গেছ এজেঞ্চি এটাৰ বৃহৎ পৰিমাণৰ খালী চিলেণ্ডাৰ এইদৰে গোপনে মজুত কৰি ৰখা কাৰ্যৰ আৰত দুৰ্নীতি – অনিয়ম সংঘটিত হোৱাৰ সন্দেহ কৰি চিৰাং জিলা আছুৱে উপযুক্ত তদন্তৰ দাবী উত্থাপন কৰে ৷ আনহাতে গোপনে মজুত কৰি ৰখা জব্দকৃত খালী চিলেণ্ডাৰসমুহ যোগান বিভাগে পুনৰ একেটা গেছ এজেঞ্চিৰে জিন্মাত প্ৰদান কৰাৰ ফলত সংগঠনটোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজনী আছু নেতা ই ।