নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমিৰ পূর্বে দুনিশা আইচিইউত আছিল ৰিজৱানঃ ধৰা পৰিছিল বুকুত গুৰুতৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ টি–২০ বিশ্বকাপত অষ্ট্রেলিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে নিশা ছেমিফাইনেল খেলাৰ পূর্বে দুনিশা আই চি ইউত আছিল পাকিস্তানৰ তাৰকা অ’পেনাৰ মহম্মদ ৰিজৱান৷ বুকুত গুৰুতৰ সংক্রমণৰ সন্মুখীন হোৱাত তেওঁক দলীয় চিকিৎসকে ৯ নৱেম্বৰত ডুবাইৰ এখন হাস্পতালত ভর্তি কৰাইছিল৷ অষ্ট্রেলিয়াৰ হাতত পৰাস্ত হৈ টি–২০ বিশ্বকাপত অভিযান সামৰাৰ পিছত এই কথা প্রকাশ কৰিছে পাকিস্তানৰ দলীয় চিকিৎসক নাজিব ছোমৰো আৰু অধিনায়ক বাবৰ আজমে৷

‘৯ নৱেম্বৰত মহম্মদ ৰিজৱানৰ বুকুত গুৰুতৰ সংক্রমণ দেখিবলৈ পোৱাত তেওঁক আমি চিকিৎসালয়ত ভর্তি কৰাওঁ৷ চিকিৎসালয়ৰ আই চি ইউত ২ নিশা কটোৱাৰ পিছত তেওঁ সুস্থ হৈ উঠে৷ ৰিজৱান মানসিকভাৱে যথেষ্ট শক্তিশালী আৰু তেওঁ যিকোনো প্রকাৰে ছেমিফাইনেল খেলিব বিচাৰিছিল৷ তেওঁৰ মনোবল দেখি আমি অভিভূত হৈছিলোঁ৷’ দলীয় চিকিৎসক ছোমৰোই এইদৰে কয়৷

ইফালে, ৰিজৱানৰ দৃঢ়তা আৰু খেলুৱৈসুলভ মানসিকতাক ভূয়সী প্রশংসা কৰিছে অধিনায়ক বাবৰ আজমে৷ উল্লেখ্য যে চলিত টি–২০ বিশ্বকাপত সুন্দৰ ফর্মত থকা অ’পেনাৰগৰাকীয়ে অসুস্থতা সত্ত্বেও দেশৰ হৈ খেলপথাৰত নামি ছেমিফাইনেলত ৫২ বলৰ সন্মুখীন হৈ ৬৭ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷

You might also like