কলিয়াবৰৰ মিচাত চাইকেল বিতৰণী অনুষ্ঠানত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰ : চাহ জনজাতি কল্যাণ বিভাগ আৰু কলিয়াবৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ সৌজ্যনত চাহ বাগিছাৰ চকীদাৰসকললৈ চাইকেল বিতৰণ কৰা হয়।
কলিয়াৰ মহকুমাৰ চাহ বাহিছা সমূহৰ লাইন চকীদাৰসকলৰ মাজত চাইকেল বিতৰণ কৰে কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।
চাহ বাগিছাৰ ১০১ জন চকীদাৰলৈ চাইকেল বিতৰণ কৰা হয়।
চাইকেল বিতৰণী অনুষ্ঠানতেই চাহ বাগিছাৰ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ জোতা-মোজা বিতৰণ কৰা হয়।
লক্ষনীয় যে¸চাহ বাগিছাৰ ২৪ গৰাকী শিক্ষাৰ্থীক প্ৰতিবছৰে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে সংৰক্ষিত আসন ৰাখিব ৰাজ্য চৰকাৰে-মন্তব্য প্ৰদান স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ।
ইফালে¸একেদিনাই কলিয়াবৰৰ অন্যতম শিক্ষানুষ্ঠান কুঁৱৰীটোল হাইস্কুলত কৃৰ্তী শিক্ষয়িত্ৰী যামিনীপ্ৰভা মহন্ত আৰু বিশিষ্ট শিক্ষাবিদ দেৱেন্দ্ৰ নাথ মহন্ত স্মৃতি পুথিভড়াল উদ্ধোধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।