নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলৰ জৈৱ–বৈচিত্র্য সংৰক্ষণৰ প্রয়াস শিল্পী জিতুমণি দাসৰ

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ দীপৰ বিলক সংৰক্ষণ কৰি ৰখাৰ বাবে দাঁতিকাষৰীয়া বাসিন্দাসকলৰ লগতে বিভিন্ন প্রকৃতিপ্রেমী দল–সংগঠন আৰু ব্যক্তিয়ে দীর্ঘদিনৰ পৰা মাত মাতি আহিছে৷ আনকি চৰকাৰ, গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ পাৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰা, বিলত পামহী কেনেলেৰে গুৱাহাটীৰ দূষিত পানী পেলাই বিলখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কার্যৰ বিৰুদ্ধেও সময়ে সময়ে বিভিন্ন দল–সংগঠনে আন্দোলনৰ কার্যসূচী গ্রহণ কৰি আহিছে৷ কিন্তু ইয়াৰ মাজতে দীপৰ বিলৰ কাষৰীয়া আজাৰা গধূলিবজাৰৰ বাসিন্দা আৰু অঞ্চলটোত এগৰাকী শিল্পী হিচাপে জনপ্রিয়তা অর্জন কৰা জিতুমণি দাসে দীপৰ বিলক সংৰক্ষণৰ ক্ষেত্রত মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে গীতৰ মাজেৰে এক প্রয়াস চলাইছে৷ কিছুদিন পূর্বে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এটা অনুষ্ঠানত জিতুমণি দাসে দীপৰ বিলক লৈ ৰচনা কৰা ‘দীপৰ বিলে মাতে’ শীর্ষক এটা গীত ইউ টিউব চেনেলযোগে মুকলি কৰিছে৷ এই সন্দর্ভত ১১ নৱেম্বৰৰ সন্ধিয়া আজাৰা ৰাজহুৱা সভাঘৰৰ মঞ্চত সাংবাদিক আৰু একাংশ প্রকৃতিপ্রেমী লোকৰ সৈতে হোৱা অন্তৰংগ আলাপত গীতটোৰ আঁৰৰ বহু কথা জিতুমণি দাসে সদৰী কৰে৷ আলাপত জিতুমণি দাসে কয়– প্রায় চাৰে চাৰি মিনিট দৈর্ঘ্যৰ গীতটোৰ কথা, সংগীত আৰু সুৰ তেওঁৰ নিজৰ৷ বিগত বর্ষত লকডাউন আৰম্ভ হোৱাৰ সময়তে গীতটো ৰচনা কৰা হৈছিল৷ গীতটোৰ সম্পাদনাত সহায় কৰিছে জনপ্রিয় কণ্ঠশিল্পী মামণি কলিতাই৷ তেওঁৰ ষুটডি’ প্লে হাবত গীতটো সম্পাদনা কৰা হৈছে৷ ভিডি’গ্রাফীত সহায় কৰিছে ৰুবুল দাসে৷ পৰিভ্রমী চৰাই, কিদৰে বিলৰ পানী দূষিত হৈছে, ডাম্পিং গ্রাউণ্ডৰ পৰা নিগৰি অহা প্রদূষিত পানী কেনেকৈ বিলত পৰিছে, প্রদূষণৰ ভয়াৱহতা আদি সুন্দৰকৈ প্রদর্শন কৰা হৈছে৷ গীতটোত বাদ্যযন্ত্র সংগত কৰিছে মৃণাল দাস আৰু ধীৰাজ বৰাই৷ সকলো দিশতে উৎসাহিত আৰু সহযোগ কৰিছে দীপৰ বিলৰ পৰিৱেশ সংৰক্ষণ আন্দোলনৰ লগত জডিত, বিলৰ পাৰৰ চকর্দৌ কলিতাপাৰাৰ বাসিন্দা প্রমোদ কলিতাই৷ আনহাতে, গীতটো ইউ টিউবত প্রকৃতিপ্রেমী আৰু সংস্কৃতিপ্রেমী ৰাইজে আদৰি ল’ব বুলি জিতুমণি দাসে আশা ব্যক্ত কৰিছে৷ আলাপত প্রমোদ কলিতা, মৃণাল দাসকে ধৰি দীপৰ বিল সংৰক্ষণৰ লগত জডিত কেইবাগৰাকী লোক উপস্থিত থাকে৷

You might also like