নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মছজিদ কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী-অৰ্ধ সামৰিক, দণ্ডাধীশৰ উপস্থিতিত পৰিচালনা সমিতি গঠন

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নগাঁও চহৰৰ মাজমজিয়াত থকা টাউন কবৰস্থান মছজিদ কমিটি নতুন কমিটি গঠনক কেন্দ্ৰ আজি পুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্থাপিত অভিযোগ অনুসৰি, একাংশ লোকে আজি টাউন কবৰস্থান কমিটিৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ ধৰোতেই স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।ৰাইজৰ অভিযোগ এটা পক্ষই এক পক্ষীয় কমিটি গঠনৰ ষড়যন্ত্ৰ কৰিছিল। মুলতঃ মছজিদ কমিটি গঠনক লৈ দীৰ্ঘ সময় দুটা পক্ষৰ মাজত সংঘাত অব্যাহত আছিল।আজিও সভা খন আৰম্ভ কৰি একপক্ষীয় ভাৱে পুনৰ কমিটি গঠনৰ পৰিকল্পনাৰ আশংকা কৰিয়েই দুটা পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডা হয়।

ক্ৰমাৎ পৰিস্থিতিয়ে বেয়া ৰূপ ধাৰণ কৰাৰ খবৰ লাভ কৰি জিলা প্ৰশাসনে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লগতে দণ্ডাধীশ নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। স্থানীয় একাংশ লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, বিগত প্ৰায় ২৬ বছৰ ধৰি স্থানীয় ৰাইজৰ দ্বাৰা প্ৰতি তিনি বছৰ মুৰে মুৰে পৰিচালনা কমিটি গঠন কৰি টাউন কবৰস্থান মছজিদখন সু-কলমে পৰিচালিত কৰি আহিছে।

অৱশ্যে ক’ভিডজনিত পৰিস্থিতিৰ বাবে বৰ্তমানৰ পৰিচালনা কমিটিৰ ম্যাদ ইতিমধ্যে উকলি গৈছে। অভিযোগ অনুসৰি,ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি টাউন কবৰস্থান কমিটিৰ একাংশ বিষয় ববীয়াৰ নেতৃত্বত অহা এটা দলে স্থানীয় ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ ল‌ওতেই ৰাইজে তীব্ৰ বাধা প্ৰদান কৰিব লগা হয়।

আনকি, স্থানীয় একাংশ ৰাইজে মছজিদক লৈ ৰাজনীতি কৰাৰ অভিযোগ তুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ লোকে মহলা এলেকাৰ বাহিৰৰ লোকক এই মছজিদটোৰ পৰিচালনা সমিতি গঠন কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে। তদুপৰি মছজিদক লৈ এতিয়া আৰু ৰাজনীতি নচলিব বুলিও সংশ্লিষ্ট পক্ষটোক সকীয়াই দিয়ে। অৱশ্যে উপস্থিত দণ্ডাধীশৰ পৰামৰ্শ অনুসৰি পৰৱৰ্তী সময়ত দুয়ো পক্ষৰ সহমতত ইকবাল হুছেইনক সভাপতি আৰু আছৰফ আলীক সম্পাদক হিচাপে লৈ ১৭ জনীয়া সদস্যৰে মছজিদ কমিটিখন গঠন কৰা হয়।

উল্লেখ্য যে ইছলাম ধৰ্মীয় লোকৰ উপাসনা স্থলী নগাঁও চহৰৰ একাংশ মছজিদতো ৰাজনীতিকৰ অঙহী বঙহীৰাজ দীৰ্ঘদিন ধৰি অব্যাহত থকাৰ অভিযোগ উঠিছে। এই মছজিদ সমুহৰ পৰিচালনা সমিতিয়ে বছৰ বছৰ ধৰি মছজিদৰ আয় ব্যয়ৰ হিচাপে-নিকাচ ৰাজহুৱা নকৰাৰো গুৰুতৰ অভিযোগ এতিয়া সৰ্বত্ৰ উঠিছে।

You might also like