নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলাত আৰম্ভ ৯ম-১০ম শ্ৰেণীৰ ছয়মাহিলি পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ: ক’ৰোণা অতিমাৰীৰ মহাসংক্ৰমণৰ ফলত ৬ মাহকাল সমস্ত স্থবিৰৰ হৈ থকাৰ অন্তত ছেপ্টেম্বৰত ক’ভিভ বিধি মানি বিদ্যালয়সমূহত পৰ্যায়ক্ৰমে পাঠদান আৰম্ভ হয় । ইয়াৰ মাজতে চৰকাৰী বা বিভিন্ন সংগঠনৰ বন্ধত পাঠদানৰ দিন হয়গৈ প্ৰায় দুমাহ । ইপিনে ক’ভিডকালত চৰকাৰ তথা শিক্ষাবিভাগৰ নিৰ্দেশনাত চলা অনলাইন পাঠদানৰ পৰা স্মাৰ্টফোনৰ অভাৱত সৰ্বসাধাৰণ তথা দৰিদ্ৰ ৮০-৯০ শতাংশ ছাত্র-ছাত্ৰী বঞ্চিত হৈ থাকে । ফলত ছেবা(SEBA)ৰ ছমহীয়া পাঠ্যনিৰ্ঘণ্ট (syllabus)ৰ আধাৰত প্ৰস্তুত কৰা প্ৰশ্নৰ কাকত হাতত লৈ এইবাৰৰ ছয়মিহিলি পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকল হতবাক হয়। কাৰণ দুই মাহতে( যিটো অসম্ভব) অসম্পূৰ্ণ হৈ থাকে যদিও সম্পূৰ্ণ ছয়মহীয়া পাঠ্যনিৰ্ঘণ্টৰে প্ৰশ্ন কাকত পস্তুত হোৱাত ছাত্ৰ-ছাত্ৰীসকল সঠিক উত্তৰ কৰাত বিমূৰত পৰে ।সেয়ে অভিভাৱক তথা সচেতন নাগৰিক সকল এই কৰ্মকাণ্ডত স্তম্ভিত হৈ পৰিছে । ইপিনে পৰীক্ষা পৰিষদে বিদ্যালয়সমূহৰ প্ৰধানসকলৰ সৈতে কোনো ধৰণৰ যোগসূত্ৰ নাৰাখি বা পৰামৰ্শ নলৈ ছয়মাহিলি পৰীক্ষাৰ সমস্ত কাম-কাজ কৰাৰ বাবে ছাত্র-ছাত্ৰীসকল পৰীক্ষাত শৈক্ষিক অন্যায়ৰ বলি হোৱা বুলি চৰ্চিত হৈছে ।যদিহে দুই মাহত হোৱা পাঠ্যনিৰ্ঘণ্টৰ আধাৰিত প্ৰশ্নকাকতেৰে পৰীক্ষা হ’লহেতেন তেতিয়া সমূচিত মূল্যায়ণ হ’লহেতেন ,ছাত্র-ছাত্ৰীৰো মানসিক চাপ নহ’লহেতেন বুলি সকলোৱে মন্তব্য কৰিছে।বিশেষকৈ প্ৰকাণ্ড তথা ব্যাপক পৰিসৰৰ গণিতৰ ছয়মহীয়া পাঠ্যনিৰ্ঘণ্ট (নৱম-দশম শ্ৰেণীৰ) বহুখিনি অস্পূৰ্ণ হৈ আছে । তেনেক্ষেত্ৰত বিশেষকৈ আজি অনুষ্ঠিত দুয়োটা শ্ৰেণীৰ গণিতৰ পৰীক্ষাত পৰীক্ষাৰ্থীসকল বাৰুকৈয়ে বিতুষ্ট হৈ পৰে । আগন্তুক বিষয়ৰ পৰীক্ষালৈও সকলো মানসিকভাৱে শংকিত হৈ থকা পৰিলক্ষিত হৈছে ।

input: অতুল চন্দ্ৰ নাথ ,ওৰাং

You might also like